চতিয়া সমষ্টিৰ অন্তৰ্গত ডিপলোঙা মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বিশাল চাইকেল ৰেলীৰে ঘৰে ঘৰে ত্ৰিৰংগা শীৰ্ষক সজাগতা কাৰ্যসূচী ৰূপায়ণ

0 208

চতিয়া সমষ্টিৰ পূৱ নাগশংকৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ডিপলোঙা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীয়ে “ঘৰ ঘৰ ত্ৰিৰংগা“ শীৰ্ষক এক সজাগতা কাৰ্যসূচী গ্ৰহণ কৰে ৷ আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ বাবে বিদ্যালয়ৰ কতৃপক্ষই এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ এই কাৰ্যসূচীৰ অন্যতম কাৰ্যসূচী হিচাপে বিদ্যালয়ৰ শিক্ষকসকলৰ বিশেষ তৎপৰতাত ছাত্ৰ-ছাত্ৰীসকলে ঘৰে ঘৰে ত্ৰিৰংগা শীৰ্ষক সজাগতাৰে এক বিশাল চাইকেল ৰেলীৰে নিকটবৰ্ত্তী অঞ্চলত সকলোৰে দৃষ্টি আকৰ্ষণ কৰি সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ হৰ ঘৰ ত্ৰিৰংগা, বন্দে মাতৰম, ভাৰত মাতা কি জয় আদি শ্ল’গানৰে গাঁৱে গাঁৱে আগবাঢ়িল এক তিনি শতাধিকৰো অধিক ছাত্ৰ-ছাত্ৰীৰ চাইকেল ৰেলী ৷ জেষ্ঠ শিক্ষক দেৱ শইকীয়াই আঁত ধৰা এই বিশাল চাইকেল ৰেলীৰ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ৰেলীভাগৰ শুভাৰম্ভ কৰে নাগশংকৰ জিলা পৰিষদৰ সদস্য হিতেশ বৰুৱাই । বিদ্যালয়ৰ প্ৰধান শিক্ষক বীৰেণ বসুমতাৰী, শিক্ষক প্ৰমুখ্যে শিক্ষক-শিক্ষয়িত্ৰীসকলে ৷

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.