বিশ্ববিশ্ৰুত শিল্পী,সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ দ্বাদশ সংখ্যক মৃত্যু দিৱসত শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাই আজি শুভ মুক্তি দিয়া হয় “হে’ সুধাকণ্ঠ”শীৰ্ষক এটি গীতৰ। গীতৰ কথা,সুৰ আৰু কণ্ঠ চন্দ্ৰনয়ন দাসৰ। এই উপলক্ষে আজি যোৰহাটৰ মাছৰহাটৰ কুৱেভাৰ ষ্টুডিঅ’ প্ৰাংগণত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শিল্পীগৰাকীক সশ্ৰদ্ধ স্মৰণ কৰি “হে’ সুধাকণ্ঠ”শীৰ্ষক গীতটিৰ শুভ উন্মোচন কৰে দিহা গুৰু যতীন বৰাই। অনুষ্ঠানত বিশিষ্ট চিকিৎসক ডা:নৰোত্তম সোণোৱাল,মাহেকীয়া আলোচনী”দিগদৰ্শন”ৰ সম্পাদক তথা সাংবাদিক পংকজ কুমাৰ দাস,লক্ষীৰাম দুৱৰা দাস,অভিজিত দাস,মৃদুল ভৰালী,পাৰ্থ দাস,দেবাংগ কলিতা বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি মাজুলীৰ গ্ৰেজিং কৈৱৰ্ত্ত গাঁৱৰ প্ৰয়াত বনমালী দাস আৰু ফুলেশ্বৰী দাসৰ পুত্ৰ কণ্ঠশিল্পী,সুৰকাৰ,গীতিকাৰ চন্দ্ৰনয়ন দাসৰ এই মহৎ প্ৰয়াসৰ শলাগ লৈ বক্তব্য ৰাখে।
Trending
- SEBI and NSE Join Forces to Protect Investors from Financial Frauds
- ৰাজ্যৰ জলসিঞ্চন বিভাগৰ শীৰ্ষ বিষয়া,মুখ্য অভিযন্তাৰে মন্ত্ৰী অশোক সিংহলৰ পৰ্যালোচনা বৈঠক
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি