সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ লগতে চাৰিদুৱাৰত উদযাপন কৰা ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। যুৱ সাংবাদিক সন্থা অসমৰ উদ্যোগত বালিপৰা প্ৰেছ ক্লাৱৰ সহযোগত আজি সীমান্ত মিলন সংঘত প্ৰেছ দিৱস উদযাপন আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। আজি প্ৰেছ দিৱসত মূখ্য অতিথি ৰূপে উপস্থিত আছিল চতিয়া বিধান সভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জন কলিতা, DY365 ৰ পৰিচালন সঞ্চালিকা দ্বীপান্বিতা জয়চোৱাল, শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক ড° ধনঞ্জয় ঘনৱাটৰ লগতে গণ্য মান্য ব্যক্তি সকল। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি ৫ জন সাংবাদিকক সম্বৰ্ধনা জনোৱা হয়। Dy 365 ৰ পৰিচালন সম্পাদক প্ৰাণজিৎ শইকীয়া, Parg News ৰ Output editor ধীৰাজ ৰায়, প্ৰতিদিন টাইমৰ জ্যেষ্ঠ বাতৰি প্ৰযোজক গৌতম শৰ্মা, DA News plus ৰ জ্যেষ্ঠ বাতৰি প্ৰযোজক বিকাশ পৰাশৰৰ লগতে Asom Live 24 ৰ উদীয়মান বাতৰি পৰিৱেশক পৰাগজ্যোতি ফুকনক।
Trending
- পশ্চিম গুৱাহাটীৰ সাংবাদিক জোন ৰাভাক শ্ৰেষ্ঠ সাংবাদিকতা বঁটা প্ৰদান
- বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ মুখ্য কাৰ্যালয়-সহকাৰী নিয়ন্ত্ৰক কাৰ্যালয়ৰ উদ্যোগত সৰ্বভাৰতীয় জোখ-মাখ প্ৰচাৰ সপ্তাহৰ সামৰণি
- জিলা পৰ্যায়ৰ ক্ৰীড়া সমাৰোহৰ সফল সামৰণি-অনিল বৰা স্মৃতি যুৱ সংঘ আৰু পটুৱাকাটা মহিলা কাবাডী দ’ল ৰাজ্যিক পৰ্যায়ৰ ক্ৰীড়া সমাৰোহলৈ নিৰ্বাচিত
- প্ৰথম এন ডি আৰ এফ বেটেলিয়ানৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন
- স্বাস্থ্য বিভাগৰ কাম-কাজৰ বিতং পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ
- শিল্পী দিৱসত কণ্ঠশিল্পী ৰঞ্জন বড়োক সম্বৰ্ধনা
- ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহ উপলক্ষে আজি আৰ্য বিদ্যাপীঠ কলেজত পৰিবহণ বিভাগৰ বিশেষ সজাগতা অনুষ্ঠান
- টিকটবিহীন যাত্ৰীৰ পৰা ৯ মাহত ৪৮.১১ কোটিতকৈ অধিক টকাৰ জৰিমণা সংগ্ৰহ উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষৰ
- বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ সপ্তাহযোৰা বিদেশ ভ্ৰমণ
- Road Show of Industry Minister Bimal Borah for Advantage Assam2. 0 in Dubai