চিকম হ’ব পাৰে পৰ্যটনৰ নতুন ক্ষেত্ৰ

0 236

পৃথিৱীৰ  বৃহৎতম নদীদ্বীপ মাজুলী । কিন্তু এইখন অসমৰে দ্বিতীয় বৃহৎ নদী দ্বীপ কি, সেইকথা আপুনি জানেনে ? চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ নিকটৱৰ্ত্তী অঞ্চলতে আছে অসমৰ দ্বিতীয়টো বৃহৎতম নদীদ্বীপ চিকম । জীয়া ভৰলী আৰু বৰদিকৰাই নদীৰ মাজত অৱস্থিত এই বৃহৎ নদী দ্বীপটোত মূলতে বসবাস কৰে মিচিং জনগোষ্ঠীয় লোকসকলে ।জামুগুৰিহাটৰ পৰা নাৱৰে যাতায়তৰ সুবিধা থকা তথা চিকম নামেৰে জনাজাত এই নদী দ্বীপ বিখ্যাত সুস্বাদু কচু খেতিৰ বাবে । প্ৰায় ২০০ ঘৰ লোকে বসবাস কৰে এই বৃহৎতম নদী দ্বিপ চিকমত । ইয়াত পুৰুষৰ সমান্তৰালকৈ মহিলাসকলেও সকলে কাম কৰে  । গৰু, ছাগলী,  মুৰ্গী, গাহৰি পালন কৰি স্বাবলম্বী  হৈছে । ইয়াৰ প্ৰত্যেকখন ঘৰত চলাৰৰ জৰিয়তে বিদ্যুৎ লাভ কৰিছে । অসম চৰকাৰৰ সুদৃষ্টি পৰিলে জীয়া ভৰলী আৰু বৰদিকৰাই নদীৰ মাজত অৱস্থিত এই নদী দ্বীপটোৱে পৰ্যটনৰ ক্ষেত্ৰৰ ন মাত্ৰা লাভ কৰিব।

জামুগুৰিহাটৰ পৰা  ৰাতুল হাজৰিকা ৰিপৰ্ট ।

Leave A Reply

Your email address will not be published.