১৬ শতিকাৰ মহান সেনানায়ক চিলাৰায়ক লৈ ইন্দিৰা গান্ধী নেচনেল চেণ্টাৰ ফৰ আৰ্টছ (আই জি এন চি এ)- প্ৰয়াস আৰম্ভ কৰিছে। সেই উদ্দেশ্যে ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্রালয়ৰ এই সংস্থাৰ উত্তৰ পূব ক্ষেত্ৰীয় কেন্দ্ৰৰ উদ্যোগত গুৱাহাটীত শুভাৰম্ভ হৈছে পৰিৱেশনমূলক নাট্য কৰ্মশালাৰ আয়োজন কৰা হৈছে। উল্লেখ্য, গুৱাহাটীস্থ শংকৰ মাধৱ কলাকৃষ্টি বিকাশ কেন্দ্ৰৰ পৰম্পৰা প্ৰৱাহত এই সংস্থাৰ ক্ষেত্ৰীয় সঞ্চালক সুৰেশ গদুকাৰ উপস্থিতিত টাইমছ অৱ ইণ্ডিয়াৰ আৱাসিক সম্পাদক প্ৰবীণ কলিতাই মুখ্য অতিথি হিচাপে কৰ্মশালাখন শুভ উদ্বোধন কৰে। এনে কাৰ্যসূচীৰ জৰিয়তে নাট্য প্ৰতিভা সঠিকভাৱে বিকশিত হোৱাত আৰু অসমৰ সহায়ক হ’ব বুলি কলিতাই আশা কৰে। গদুকাই চিলাৰায়ৰ দৰে ব্যক্তিত্ব আৰু সেই সময়ৰ ঐতিহাসিক গুৰুত্বক সৰ্বভাৰতীয় পৰ্যায়ত উপস্থানৰ বাবে নাট্যকলাৰ প্ৰয়োগ সফল হ’ব বুলি কয়। অনুষ্ঠানত আমন্ত্ৰিত বিশিষ্ট অতিথি হিচাপে নাট পৰিচালক, সাহিত্যিক আৰু নাট্যকাৰ প্ৰভাত গোস্বামী, চিবিএফচিৰ উপদেষ্টা পেনেলৰ সদস্য শৈলেন্দ্ৰ পাণ্ডে, জ্যেষ্ঠ সাংস্কৃতিক সাংবাদিক আৰু সত্ৰীয়া শিল্পী চিত্ৰলেখা গগৈ আৰু নিমানন্দ দাস উপস্থিত থাকে।মহাবীৰ চিলাৰায়ৰ জীৱন আধাৰিত নাট কৰ্মশালাখনত অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। ২৭ জনুত এই কৰ্মশালাখনৰ অন্তত “মহাবীৰ চিলাৰায়” নাটখন হিন্দী ভাষাত পৰিৱেশনেৰে সামৰণি পৰিব। এই প্ৰকল্পৰ ৰূপায়ণৰ দায়িত্বত আছে সংগীত নাটক অকাডেমিৰ ওস্তাদ বিছমিল্লাহ খাঁ যুৱ বঁটা বিজয়ী নাট্য পৰিচালক আৰু গৱেষক হিমাংশু শৰ্মা।
Trending
- সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাস আৰু পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসলৈ দিল্লীৰ সৰ্বভাৰতীয় সংস্থাৰ বিশেষ বঁটা
- ছেফৰ চতুৰ্বিংশতিতম সন্মিলন সম্পন্ন
- সামাজিক কৰ্মৰে উদ্ভাসিত হোৱা এজন ব্যক্তিৰ কথাৰে
- ঢকুৱাখনাৰ এজন প্ৰতিভাধৰ বিস্ময় বালক-১১বছৰ বয়সতে ভক্তি ৰসেৰে আৰ্জিছে সুনাম
- ছেফৰ চতুৰ্বিংশতিতম সন্মিলন অনুষ্ঠিত
- ঢকুৱাখনাৰ বি এড কলেজৰ ৰূপালী জয়ন্তী প্ৰস্তুতি তুংগত
- গোলাঘাটত নিৰ্মীয়মান আগৰ বাণিজ্য কেন্দ্ৰ পৰিদৰ্শন উদ্যোগ মন্ত্রী বিমল বড়াৰ
- Ford Hospital brings renowned Orthopaedic surgeon to Guwahati
- ব্ৰহ্মপুত্ৰৰ বলুকা চিৰ সেউজ কৰি তুলিছে মঞ্জিত পাতিৰে
- শিল্পী অৰুণ দাসৰ স্বাস্হ্যৰ বুজ ল’লে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্রী বিমল বড়াই