চি পি মছলাই উত্তৰ পূবত উৎকৃষ্ট মানৰ ব্ৰেণ্ড হিচাপে পৰিগণিত হৈছে।মছলাৰ পৰা আৰম্ভ কৰি মিশ্ৰণ আৰু মৌলিক মছলাই খাদ্যক সুস্বাদু কৰি তোলে।এই মন্তব্য অভিনেত্ৰী বৰ্ষাৰাণী বিষয়াৰ।চি পি মছলাৰ উত্তৰ পূবৰ বেণ্ড এম্বেছেডৰ বৰ্ষাৰাণী বিষয়াই চি পি ব্ৰেণ্ড মছলাৰ সংবাদ মেলত উপস্থিত থাকি এই মন্তব্য কৰে।মহানগৰীৰ হোটেল গেটৱেত আয়োজন কৰা সংবাদমেলত চি পি মছলাৰ সঞ্চালক মধূপ মাধৱ আগৰৱালাই এই সন্দৰ্ভত কয় যে প্ৰিমিয়াম মানৰ মছলাৰ প্ৰমানিক আৰু সজীৱ সোৱাদৰ বাবে ইতিমধ্যে সকলোৱে চি পি মছলাক আদৰি লৈছে।অসমৰ প্ৰতিভাশালী আৰু মোহময়ী অভিনেত্ৰী বৰ্ষাৰাণী বিষয়াক ব্ৰেণ্ড এম্বেছেডৰ হিচাপে নিয়োগ কৰাৰ ফলত ব্ৰেণ্ডটো ব্যৱসায় বৃদ্ধিত সহায়ক হ’ব বুলি সঞ্চালকগৰাকীয়ে আশা প্ৰকাশ কৰিছে।উল্লেখযোগ্য যে ব্ৰেণ্ডটোৰ মুখ্য বৈশিষ্ট্য হৈছে কোনো ধৰণৰ কৃত্ৰিম ৰং নাই।সকলো প্ৰাকৃতিক উপাদানেৰে সমৃদ্ধ। উল্লেখ্য যে চি পি মছলাত গ্ৰাহকে পিচা মছলা যেনে -হালধি,ধনিয়া, জলকীয়া,মিক্সড বা ব্ৰেঙ্কেট মছলাৰ ভিতৰত গৰম মছলা,মিট মছলা,ৰাজমা মছলা,ডাল মখনি মছলা, চাম্বাৰ মছলা আদি আৰু আংগন ব্ৰেণ্ডিঙৰ সৈতে তেল ক্ৰয় কৰিব পাৰিব বুলিও চি পি মছলাৰ সঞ্চালক মধূপ মাধৱ আগৰৱালাই জনায়।
Trending
- Prime Minister of Bhutan visits Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত পদ্মভূষণ পুষ্পলতা দাস স্মাৰক বক্তৃতানুষ্ঠান
- জন্মদিনত ১০ জন কৃষকক হাতী খেদাৰ বাবে ১০ টা টৰ্ছ আৰু পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ৩ যোৰ ডেস্ক- বেঞ্চ প্ৰদান প্ৰদান সমাজকৰ্মী বলেশ্বৰ ৰংপীৰ
- Assam CM meets Nirmala Sitharaman, discusses state’s growth roadmap
- এয়াৰটেলৰ পোষ্টপেইডে নেটৱৰ্কৰ সমস্যা সমাধান কৰে
- কৃষি বিজ্ঞান কেন্দ্ৰত কৃষক সজাগতা সভা সম্পন্ন
- Guwahati Hosts Industry 4.0 Dental 3D Printing Workshop
- District Development Committee Meeting Reviews Key Schemes in Kamrup
- উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত বাৰ্ষিক বঁটা বিতৰণী সভা সম্পন্ন