চৰকাৰে আৰ্থিক সাহাৰ্য প্ৰদান কৰিলে দুহেজাৰ বিহু কমিটিক

0 141

ৰঙালী বিহু প্ৰাক্‌ক্ষণত আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই দুহেজাৰ ১১৪ খন বিহু কমিটিক প্ৰদান কৰে ডেৰ লাখ টকাৰ এককালীন আৰ্থিক সাহাৰ্য ৷

উল্লেখযোগ্য যে,যোৱা বৰ্ষৰ পৰাই ৰাজ্যৰ দহবছৰ পুৰণি বিহু কমিটি সমূহক বিহু উদযাপন কৰিবৰ বাবে আৰ্থিক সাহাৰ্য দি অহা হৈছে ৷ মহানগৰীৰ শ্ৰীমন্তশঙ্কৰদেৱৰ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত আয়োজিত দুহেজাৰ ১১৪ খন কমিটিৰ বিষয়ববীয়াক চেক বিতৰণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় মে আগন্তুক পহিলা জেঠৰ পৰা ৰাজ্যত কোনো বিহুৰ অনুষ্ঠান পাতিব নোৱাৰিব। ইয়াৰ পৰিৱৰ্তে বিহু সমিতিয়ে অনুষ্ঠিত কৰিব পাৰিব অন্যান্য বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান। এই সম্পৰ্কত বিহু উদযাপন কমিটি সমূহক যাবতীয় পদক্ষেপ ল’বলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে ৷

আনহাতে বিহু উদযাপনৰ বাবে বিহু কমিটি সমূহে চান্দা তোলা সংস্কৃতি পৰিহাৰ কৰি হুঁচৰি মাৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে আৰু কয় অসমৰ ৰাইজক সাতবিহু উদযাপন কৰিবলৈ অনুৰোধ জনায় ৷অহাবৰ্ষৰ পৰা চৰকাৰৰ উদ্যোগত সাতবিহু অনুষ্ঠিত কৰাৰ কথা সদৰি কৰে মুখ্যমন্ত্ৰীয়ে ৷একেদৰে বিহুৰ অনুষ্ঠান চলি থকাৰ সময়ত সুৰাপান কৰাটো বাৰণ কৰিবলৈও মুখ্যমন্ত্ৰীয়ে বিহু সমিতি সমূহত আহ্বান জনায় ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে, যোৱা বছৰৰে পৰা বিহু সমিতিসমূহক বিত্তীয় সাহায্য প্ৰদান কৰা এই আঁচনিখন ৰাজ্যখনৰ খিলঞ্জীয়া সম্প্ৰদায়ৰ সংস্কৃতি, বিশ্বাসৰ সুৰক্ষা আৰু শক্তিশালী কৰাৰ ক্ষেত্ৰত আমাৰ দৃঢ় সংকল্পৰ এক প্ৰকাশ বুলি উল্লেখ কৰি কয় ৰাজ্য চৰকাৰৰ এই পদক্ষেপে নিৰ্বাচিত বিহু সমিতিসমূহক অসমৰ বৰ্ণিল সাংস্কৃতিক ক্ষেত্ৰত বিহুৰ গুৰুত্বৰ সৈতে খাপ খোৱাকৈ তেওঁলোকৰ নিজ নিজ বিহু অনুষ্ঠানসমূহ সন্মানজনকভাৱে আয়োজন কৰাত সহায় কৰিব।

অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়া, গুৱাহাটীৰ সাংসদ কুইন ওজা,কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু বিধায়ক ড° পৰমানন্দ ৰাজবংশীকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.