জামুগুৰিহাটতো ঈদগাহ ময়দানত সমুহীয়া নামাজ

0 283

মোৰ মনত ভেদ ভাৱ নাই অ আল্লা মোৰ মনত ভেদ ভাৱ নাই ।হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান এই জিকিৰ ফাকিৰে আৰম্ভ হয় আজি পবিত্ৰ ঈদৰ সমূহীয়া নামাজ।শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ সমীপৱৰ্তী ইটাখোলা অঞ্চলৰ এগৰাকী বিশিষ্ট নাগৰিক গিয়াছ চুদ্দিন আহমেদে আতধৰা পবিত্ৰ ঈদৰ সমুহীয়া নামাজত জিকিৰ ফাকিৰে উপস্থিত সকলোকে আদৰণি জনায় । সমূহীয়া নামাজত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষী কান্ত বৰাই এমাহ ব্ৰতত থাকি আল্লাৰ দোহা গ্ৰহণ কৰিবলৈ অহা সকলো ইছলাম ধৰ্মী লোকসকলক পবিত্ৰ ঈদৰ শুভেচ্ছা জনোৱাৰ লগতে ঈদৰ তাৎপৰ্যৰ বিষয়ে তত্ত্বগধুৰ বক্তব্য ৰাখে । উল্লেখযোগ্য যে বিগত দুটা বৰ্ষত কোভিদ-19 ৰ বাবে সমুহীয়া নামাজ অনুষ্ঠিত হোৱা নাছিল বাবে এই বছৰ আল্লাৰ দোহা ল’বলৈ ইছলাম ধৰ্মী লোকসকল অতি পবিত্ৰ ভাৱে সমুহীয়া নামাজত অংশ লয় । পুৱা ভৰলী পৰীয়া মুছলিম কল্যাণ পৰিষদৰ উদদোগত প্ৰতি বছৰে ইটাখোলাৰ ঈদগাহ ময়দানৰ এইদৰে সমুহীয়াভাৱে নামাজ পঢ়ি আল্লাৰ দোহা গ্ৰহণ কৰা হয়।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.