বকেয়াসহ কৰ অনাদায়ী বাহনৰ বিৰুদ্ধে গুৱাহাটী মহানগৰীত ৫ ফেব্ৰুৱাৰীৰ পঞ্চমদিনাও চলে জোৰদাৰ অভিযান । সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাবধানত বিভাগৰ উচ্চপদস্থ বিষয়াৰ দলে আজি মহানগৰীৰ লালমাটিৰ গেম ভিলেজ, পশ্চিম মালিগাঁও আৰু ৰিহাবাৰীৰ বহু গুৰুত্বপূৰ্ণ অঞ্চলত অভিযান চলাই তন্ন তন্নকৈ যানবাহনৰ নথিপত্ৰ পৰীক্ষা কৰে । অভিযানৰ সময়চোৱাত কৰ অনাদায়ী ব্যক্তিগত মালিকানাধীন যান-বাহনৰ লগতে বিভিন্ন নিৰ্মাণকাৰী সংস্থা আৰু ব্যক্তিগত উদ্যোগ-প্ৰতিষ্ঠানত ৭২খনকৈ ডিমাণ্ড নটিছ প্ৰেৰণ কৰি শীঘ্ৰেই অনাদায়ী কৰ আদায়ৰ বাবে আহ্বান জনায়। উল্লেখ্য যে ৫ ফেব্ৰুৱাৰীত বিভাগৰ কাৰ্যালয়ত ৩০ লাখ টকাৰ কৰ সংগ্ৰহ কৰা হয়। সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে কয় যে, কৰ আদায় দিবলগীয়া মানে বিপদত পৰা নুবুজায়। প্ৰতিগৰাকী যানবাহনৰ মালিকেই কৰ আদায় দি দেশ তথা ৰাজ্যৰ উন্নয়নলৈ সহযোগিতা আগবঢ়াই আহিছে আৰু এই কথা চৰকাৰীভাৱেও স্বীকৃত । সেয়ে সময়মতে কৰ আদায় দি গৌৰৱবোধ কৰাৰ উপৰি নিজকে এগৰাকী দায়িত্বশীল নাগৰিকৰ পৰিচয় দিয়া উচিত । উল্লেখ্য যে যাৱতীয় কৰ সংগ্ৰহ অভিযানৰ সময়চোৱাত মহানগৰখনত পদচাৰীৰ লগতে সকলো যানবাহন ব্যৱহাৰকাৰীয়ে যাতে পথ সুৰক্ষাৰ নীতি নিৰ্দেশনা মানি চলে তাৰ প্ৰতি লক্ষ্য ৰাখি কাইলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসক সন্থাৰ সহযোগত আৰু পৰিবহণ বিভাগৰ উদ্যোগত চিকিৎসা মহাবিদ্যালয় চৌহদত এটি পথ-সুৰক্ষা সজাগতা অনুষ্ঠানৰো আয়োজন কৰা বুলি পৰিবহণ বিষয়াগৰাকীয়ে উল্লেখ কৰে ।
Trending
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme