ধাৰাপুৰৰ ধোঁপৰতল ১ নং খেলৰ নামঘৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানত গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্ত

0 209

পৃথিৱীৰ সকলো ধৰ্মই সদায় যুগে যুগে সত্য আৰু মানৱতাৰ জয়গান গাই আহিছে। কিন্ত তাৰ বিপৰীতে একাংশই ধৰ্মৰ নাম লৈ সমাজত আকৌ বিভেদৰ বীজ সিঁচি আহিছে। এই কার্য অতিশয় নিন্দনীয়। এই মন্তব্য অসম আৰক্ষীৰ জ্যেষ্ঠ আৰক্ষী বিষয়া তথা গুৱাহাটী মহানগৰ আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তৰ। আজি গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ধাৰাপুৰৰ ধোঁপৰতল ১ নং খেলৰ নামঘৰৰ মাংগলিক কাৰ্যৰ মাজেৰে আয়তীৰ উৰুলিৰে নতুন গৃহৰ আধাৰশিলা স্থাপন কৰি এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ এই মন্তব্য কৰে আৰক্ষী বিষয়া পাৰ্থসাৰথি মহন্তই । অনুষ্ঠানত পাৰ্থসাৰথি মহন্তই কয় কোনো ধৰ্মই কোনো লোকক ঘিণ কৰিবলৈ নকয় বা আন ধৰ্মক হেয় প্ৰতিপন্ন কৰিবলৈ নকয় । তেনেদৰে অসমৰ সমাজ জীৱনত নামঘৰ সমূহে অতীজৰে পৰা এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ লগতে নামঘৰ সমূহে একো একোটা অঞ্চলৰ লোকৰ মাজত সম্প্ৰীতি , সংহতি , একতাৰ , এনাজৰীডাল অধিক সুদৃঢ় কৰি আহিছে বুলি সদৰি কৰে। আনহাতে নামঘৰ পৰিচালনা কমিটিৰ সভাপতি প্ৰফুল্ল কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট অতিথি হিচাপে ধাৰাপুৰ নতুন বস্তিস্থিত কুমাৰ ইঞ্জিনিয়াৰিঙৰ পৰিচালন সঞ্চালক কুমাৰ গৌৰৱে তেওঁলোকৰ ফালৰ পৰা নামঘৰৰ নতুন গৃহ নিৰ্মাণত সাধ্যনুসৰি সহায়ৰ হাত আগবঢ়াব বুলি ব্যক্ত কৰে । অনুষ্ঠানত নামঘৰ পৰিচালনা কমিটিৰ কাৰ্যকৰী সভাপতি কালিচৰণ ৰাজবংশী , সম্পাদক উমেশ কলিতাকে ধৰি কেবাজনো কৰ্মকর্তা , পুৰুষ মহিলা নিৰ্বিশেষে ধৰি অঞ্চলটোৰ শতাধিক ৰাইজ উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.