আজাৰাত মুখ্যমন্ত্ৰীৰ সহজ গৃহ নিৰ্মাণ আঁচনিৰ শুভাৰম্ভ

0 197

অসম চৰকাৰে ৰাইজৰ সুবিধাৰ বাবে গ্ৰহণ কৰা মুখ্যমন্ত্ৰীৰ সহজ গৃহ নিৰ্মাণ আঁচনি আজি পশ্চিম গুৱাহাটীৰ আজাৰাত শুভাৰম্ভ কৰা হয়। যিসকল লোকৰ মাটিৰ পৰিমাণ কম আৰু গৃহ নিৰ্মাণৰ অনুমতিৰ বাবে বিভিন্ন অসুবিধাৰ সন্মুখীন হয় ,সেইসকল নাগৰিকৰ সুবিধাৰ বাবে মুখ্যমন্ত্ৰীৰ এই সহজ গৃহ নিৰ্মাণ আঁচনিখন মুকলি কৰা হৈছিল। আজাৰাত আঁচনিখনৰ শুভাৰম্ভ কৰে বিশিষ্ট শিক্ষাবিদ, পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আৰু মেঘালয়ৰ ইউ এছ টি এমৰ সঞ্চালক (প্ৰশাসনিক) ড৹ বলেন্দ্ৰ কুমাৰ দাসে। অনুষ্ঠানত অভিযন্তাদ্বয় ৰিকি শইকীয়া আৰু বৰ্ণালী কলিতা দেব, সমাজকৰ্মী লাহৰি বৰুৱা, হীৰেণ বৰুৱা, ড: দেৱকিংকৰ শৰ্মা, মহেন্দ্ৰ দাসকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.