আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ কুঁৱলীৰ আগজাননী- চালকক নিশাৰ ভাগত অতি সাৱধানতাৰে বাহন চলাবলৈ আহ্বান সহকাৰী পৰিবহণ আয়ুক্তৰ

0 152

গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তক কেবাদিনলৈ নিশাৰ ভাগত আৰু পুৱতি নিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঘন কুঁৱলী পৰিব পাৰে বুলি আগজাননী জাৰি কৰিছে । আনহাতে বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগৰ সহকাৰী পৰিবহণ আয়ুক্ত আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া ( পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ ) তথা কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ সদস্য সচিব গৌতম দাসে নিশাৰ ভাগত ৰাষ্ট্ৰীয় ঘাইপথ , ৰাজ্যিক পথ , লোকনিৰ্মাণ পথ বিভাগৰ বিভিন্ন পথত চলাচল কৰা যান বাহনৰ চালক সকলক অতি সাৱধানতাৰে নিজ নিজ বাহন সমূহ চলাচল কৰিবলৈ আহ্বান জনাইছে । এই সন্দৰ্ভত সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে জানিবলৈ দিয়া মতে বেছিভাগ ভয়ংকৰ পথ দুৰ্ঘটনা নিশাৰ ভাগত সংঘটিত হোৱাৰ আৰু এই দুৰ্ঘটনাৰ এক বুজন অংশ ঘন কুঁৱলীৰ বাবে সংঘটিত হোৱাৰো নিশ্চিত তথ্য পোৱা গৈছে । সেয়েহে পথ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি কুঁৱলী পৰিলে পৰাপক্ষত নিশাৰ ভাগত বাহন নচলাবলৈ বা অতি জৰুৰী কাৰণত চলাবলগীয়া হলেও সন্মুখত কুঁৱলী দূৰ কৰিব পৰা উপযুক্ত পোহৰ দিব পৰা ফগ লাইট ব্যৱহাৰ কৰিহে অতি সাৱধানতাৰে নিয়ন্ত্ৰিত গতিবেগত বাহন চলাবলৈ চালক সকলক আহ্বান জনাইছে । কিয়নো ৰাজপথত যেতিয়া ঘন কুঁৱলী পৰে তেতিয়া দৃশ্যমানতা একেবাৰে কমি যায় আৰু সামান্য আঁতৰত থকা বস্তুয়ো চিনিব নোৱাৰা হৈ যায় । আনকি সাধাৰণ হেড লাইটেও ঘন কুঁৱলীৰ দৃশ্যমানতা দূৰ কৰিব নোৱাৰা পৰিস্থিতিৰ উদ্ভৱ হয় । যাৰবাবে পথ সুৰক্ষাৰ বাবে কাম কৰি অহা বিশেষজ্ঞ সকলেও কুঁৱলীৰ বাবে ৰাজপথত ভালকৈ দেখা নোপোৱা হলে বা দৃশ্যমানতা হ্ৰাস পালে ততালিকে চালক সকলক ৰাজপথত আন বাহনৰ অসুবিধা নোহোৱাকৈ নিজৰ বাহন সমূহ পথৰ দাঁতিত সুৰক্ষিত ভাবে পাৰ্কিং কৰি ৰখাই থবলৈ পৰামৰ্শ আগবঢ়াইছে । কুঁৱলী আঁতৰি যোৱাৰ পাছতহে ভালকৈ পোহৰ হোৱাৰ পাছত বাহন চলাবলৈ চালক সকলক পৰামৰ্শ দিয়া হৈছে । সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে সদৰি কৰা অনুসৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা অসমক এখন “দুৰ্ঘটনামুক্ত ৰাজ্য”লৈ উন্নীতকৰণ কৰাৰ বাবে যি আহ্বান জনায় আহিছে তাত চালক সকলে সহযোগিতা আগবঢ়ালেহে সেই আহ্বান সাৰ্থক হ`ব । যাৰ বাবে কুঁৱলী পৰিলে নিশাৰ ভাগত অতি জৰুৰী নহলে ৰাজপথত চালক সকলক বাহন চলোৱা কামটো এৰাই চলিবলৈ আহ্বান জনোৱা হৈছে । কিয়নো বিগত দিনকেইটাত শদিয়াৰ পৰা ধুবুৰীলৈ ৰাজ্যখনত নিশাৰ ভাগত সংঘটিত কেবাটাও ভয়ংকৰ পথ দুৰ্ঘটনা কেৱল কুঁৱলীৰ বাবে চালক সকলে ভালকৈ দেখা নোপোৱাৰ বাবে হোৱা বুলি আৰক্ষী বিভাগেও সদৰি কৰিছে ।

Leave A Reply

Your email address will not be published.