চতিয়া সমষ্টিৰ অন্তৰ্গত পশ্চিম মূঢ়াদল গাঁও পঞ্চায়তত তিনিখনকৈ উন্নয়নমূলক আচঁনিৰ শুভ উদ্ধোধন

0 172

চতিয়া সমষ্টিৰ অন্তৰ্গত পশ্চিম মূঢ়াদল গাঁও পঞ্চায়তত সোমবাৰে তিনিখনকৈ উন্নয়নমূলক আচঁনিৰ শুভ উদ্ধোধন  হয় । পঞ্চায়তটোৰ অন্তৰ্গত গড়বিল, চাৰিপুখৰী, ২ নং বাটমাৰী, ঔহোলাগাঁৱত দীন দয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনাৰ অধীনত চাৰিটা ট্ৰেঞ্চফৰ্মাৰৰ লগতে এম জি এন ৰেগা অধীনত প্ৰায় দহ লাখ টকাৰ গেদেৰীজান খ্ৰীষ্টান চাৰ্ছৰ পৰা পূৱ মূঢ়াদল সংযোগী পথ আৰু ৰঙাচকুৱা- হাটিঙাৰ স্মশানৰ পথটিৰ ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি অজিত পায়েঙে । উক্ত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে পশ্চিম মূঢ়াদল গাঁও পঞ্চায়তৰ সভানেত্ৰী হিমাদ্ৰী দেৱী, নদুৱাৰ মণ্ডল যুৱ মৰ্চাৰ সম্পাদক সত্যম শৰ্মাৰ লগতে ৱাৰ্ডৰ সদস্যসকল উপস্থিত থাকে । পথৰ আধাৰশিলা কৰি সভাপতি অজিত পায়েঙে কয়- চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ সৱল নেতৃত্বত আমি উন্নয়নৰ মুখ দেখিবলৈ সক্ষম হৈছো । সমষ্টিটোৰ দুখীয়া দৰিদ্ৰ ৰাইজ উপকৃত হব পৰাকৈ বিধায়ক গৰাকীয়ে যি কৰ্মসূচী যুগুত কৰিছে সেইলৈ আমি অতিশয় সুখী । সমষ্টিটোৰ প্ৰতিটো পঞ্চায়তত চৰকাৰী আঁচনি সমুহ ৰূপায়নত আমি সফল হোৱা বুলিও মন্তৱ্য কৰে আঞ্চলিক পঞ্চায়তৰ সভাপতি অজিত পায়েঙে।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই..

Leave A Reply

Your email address will not be published.