যিটো সময়ত ৰাজ্যৰ শিক্ষিত যুৱক যুৱতীসকলে এটা চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাবলৈ লৈছে,ঠিক তেনে সময়তে বাক্সা জিলাৰ এগৰাকী ব্যক্তিয়ে দেখুৱাইছে এক উৎকৃষ্ট নিদৰ্শন৷ এই ব্যক্তিগৰাকীৰ নাম হ’ল মৃণাল বায়ন। ঘৰ বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত সোণাপুৰ কৰমতুলী গাঁৱত। পেছাত ব্যক্তি গৰাকী এজন শিক্ষক। ব্যক্তিগৰাকী শিক্ষক হৈও আন দহজনৰ বাবে হৈ পৰিছে আদৰ্শৰ প্ৰতীক। চৌখুঁটি হাইস্কুলৰ টে’ট শিক্ষক মৃণাল বায়নে নিজৰ ঘৰৰ বাৰীতে ৰোপণ কৰা আম,তেঁতেলি , নেমু আদিৰে আচাৰ প্রস্তুত কৰিছে। জানিব পৰা মতে, মৃণাল বায়নে লকডাউনৰ আজৰি সময়ত প্ৰথমে আচাৰ প্ৰস্তুত কৰি চিনাকি মানুহ অথবা বন্ধু-বান্ধৱিক বিক্ৰী কৰিছিল। বিশেষকৈ চ`চিয়েল মিডিয়াত দিয়াৰ পাছত মৃণালৰ আচাৰে যথেষ্ট জনপ্ৰিয়তা লাভ কৰে আৰু পৰৱৰ্তী সময়ত তেওঁ আচাৰ কোম্পানী খুলিবলৈ সক্ষম হয়। ‘জিভাৰ পানী’ নামৰ এটা আচাৰ কোম্পানী খুলি তেওঁ গাঁৱৰ কেইবাগৰাকীও শিক্ষিত নিবনুৱাক সংস্থাপন দিছে। নামনি অসমৰ প্রায় সকলো ঠাইতে ‘জিভাৰ পানী’ নামৰ আচাৰ বিধৰ যথেষ্ট চাহিদা আছে। অৱশ্যে বৰ্তমান কৰ’নাৰ পৰিস্থিতিৰ বাবে আচাৰ বিধৰ মাৰ্কেটিং ভালদৰে হোৱা নাই বুলি তেওঁ জানিবলৈ দিয়ে।
Trending
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ