দৰং বাসীৰ বাবে সুখবৰ। নিউয়ৰ্ক-ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলৰ শ্ৰেষ্ঠ অভিনেতাৰ দৌৰত পোন মনোনয়ন লাভ কৰিছে দৰঙৰ সন্তান দ্বীপজ্যোতি কলিতাই। সাজ এণ্টাৰটেইনমেণ্ট প্ৰযোজিত আৰু কৃষ্ণকান্ত বৰা পৰিচালিত অসমীয়া পূৰ্ণ দৈৰ্ঘ্যৰ চলচ্চিত্ৰ ‘বৰষুণ- চংছ ফ’ৰ ৰেইন‘ত দূৰ্দান্ত অভিনয় কৰা বাবে অভিনেতা গৰাকীয়ে শ্ৰেষ্ঠ মনোনয়ন লাভ কৰিছে । মঙলদৈ বামুণপাৰা নিবাসী তথা মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ডম্বৰুধৰ কলিতা আৰু সফুৰা কলিতাৰ পুত্ৰ দ্বীপজ্যোতি কলিতাই ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় চিকিমৰ পৰা ডিপ্ল’মা লাভ কৰি অপেছাদাৰী নাট্য জগতৰ সমান্তৰালভাৱে চলচ্চিত্ৰ আৰু টেলিভিশ্যনত অভিনয়ৰ আত্মনিয়োগ কৰি আহিছিল।তেওঁৰ প্ৰচেষ্টাত মঙলদৈত গঠন হোৱা জাগ্ৰত সাংস্কৃতিক গোষ্ঠী গঢ় লৈ উঠিছে। সৰুৰে পৰা অভিনয়ক পেচা হিচাপে গ্ৰহণ কৰা দ্বীপজ্যোতিয়ে বহুকেইখন চলচিত্ৰ আৰু ধাৰাবাহিকত বলিষ্ঠ অভিনয়েৰে দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছে । উল্লেখযোগ্য যে ৪ ৰ পৰা ১৩ জুনলৈ নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অনুষ্ঠিত হ’ব।
Trending
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী