এলজি ইলেকট্রনিকছ ইণ্ডিয়া আৰু কোৰিয়ান কালচাৰেল চেণ্টাৰ ইণ্ডিয়াৰ সৰ্বভাৰতীয় কে- পপ প্ৰতিযোগিতাৰ গ্ৰেণ্ড ফাইনেলে অনুষ্ঠিত

0 29

এলজি ইলেকট্রনিকছ ইণ্ডিয়া প্রাইভেট লিমিটেড আৰু কোৰিয়ান কালচাৰেল চেণ্টাৰ ইণ্ডিয়া (KCC)ৰ সহযোগিতাত সৰ্বভাৰতীয় কে- পপ প্রতিযোগিতা 2024 ৰ তৃতীয় সংস্কৰণৰ এক উওেজনাপূৰ্ণ গ্রেণ্ড ফিনালেৰে সামৰণি কৰে। এই প্রতিযোগিতাই ব্যতিক্রমী প্রতিভা আৰু ভাৰত- কোৰিয়া শক্তিশালী সাংস্কৃতিক বন্ধনকো সন্মানিত কৰে।
সন্ধিয়াৰ আকৰ্ষণীয় অনুষ্ঠান আছিল বিশ্বব্যাপী প্রসংশিত কে- পপ ব্ৰেণ্ড LUN8 এক অৱীস্মৰণীয় পাৰফমেঞ্চ LUN8 চাৰ্টত শীৰ্ষস্থান দখল কৰা হিট গীতসমূহ পৰিৱেশন কৰিছিল যত দৰ্শকে উল্লাস আৰু নৃত্য কৰিছিল, যাৰ ফলত অনুৰাগীসকলকৰ বাবে এই অনুষ্ঠানটো এক নিমগ্ন কে- পপ অভিজ্ঞতা হৈ পৰিছিল। LUN8 ব্ৰেণ্ড গতিশীল কোৰিঅ গ্রাফী আৰু স্পন্দনশীল পাৰফমেঞ্চ ৰ বাবে খ্যাত।
এক ৰোমাঞ্চকৰ ফাইনেলত ইটানগৰৰ ডা- ট্রেণ্ডে নৃত্য শাখাত বিজয়ী খিতাপ দখল কৰাৰ বিপৰীতে কলকাতাৰ অভিপ্রীয়া চক্রৱতীয়ে গায়ক শাখাত বিজয়ী ৰ খিতাপ অৰ্জন কৰে। বিজয়ীসকলে কোৰিয়ালৈ সকলো খৰচ পৰিশোধ কৰা ভ্ৰমণ লাভ কৰে। কোৰিয়াত তেওঁলোকে কে- পপ উদ্যোগৰ হৃদয় অন্বেষণ কৰিব আৰু ইয়াৰ সজীৱ সংস্কৃতিত নিজকে বিলীন কৰিব।
বিজয়ীসকলক অভিনন্দন জনাই এল জি ইলেক্ট্ৰনিক্স ইণ্ডিয়াৰ পৰিচালন সঞ্চালক মিষ্টাৰ হং জু জেওনে কয় যে, “সৰ্বভাৰতীয় কে- পপ প্ৰতিযোগিতা ২০২৪ৰ গ্ৰেণ্ড ফাইনেলত প্ৰতিভা, আবেগ, আৰু নিষ্ঠাৰ এক অসাধাৰণ প্ৰদৰ্শন হৈছে। দ্য ট্ৰেণ্ড আৰু অভিপ্ৰিয়া চক্ৰৱৰ্তীক তেওঁলোকৰ উল্লেখযোগ্য কৃতিত্বৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। এল জিত আমি যুৱ প্ৰতিভাক সমৰ্থন কৰি ভাৰত আৰু কোৰিয়াৰ মাজৰ সাংস্কৃতিক সংযোগক উদযাপন কৰি গৌৰৱান্বিত। এই অনুষ্ঠানটোৱে আমাৰ যুৱক-যুৱতীসকলৰ সীমাহীন সম্ভাৱনা আৰু সংগীত আৰু নৃত্যৰ একত্ৰীকৰণ শক্তিৰ প্ৰমাণ।”
ভাৰতৰ কোৰিয়ান সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক হৱাং ইল কে- পপ ইয়ঙে কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে, “ভাৰতীয় অনুৰাগীৰ উৎসাহী সমৰ্থনৰ বাবে প্ৰচণ্ড মৰম লাভ কৰিছে, আমাক এই গ্ৰেণ্ড ফাইনেললৈ লৈ গৈছে। আমি অহা বছৰ ঘূৰি আহিবলৈ আমি আগ্ৰহী, আমাৰ ভাৰতীয় অনুৰাগীসকলৰ বাবে আৰু অধিক অসাধাৰণ প্ৰদৰ্শনৰ সৈতে ।
কন্টেন্ট ক্ৰিয়েটিভ কোম্পানী ডব্লিউ কোৰিয়াৰ চিইঅ’ মিষ্টাৰ কিম উক, ৱান মিলিয়ন ডান্স ষ্টুডিঅ’ৰ নৃত্য পৰিচালক মিষ্টাৰ পাৰ্ক বং-ইয়ং, কে- পপ ডান্স ইউটিউবাৰ, কোৰিঅ’গ্ৰাফাৰ মিষ্টাৰ গু টে কিউং কে ধৰি এক বিশিষ্ট বিচাৰকৰ দলে বিজয়ীসকলক নিৰ্বাচন কৰে। ফেণ্টাজিঅ’ এণ্টাৰটেইনমেণ্ট টিমৰ মুৰব্বী কিম জিন ছু ডাঙৰীয়াই অংশগ্ৰহণকাৰীসকলক তেওঁলোকৰ কলাত্মক উজ্জ্বলতা আৰু নিষ্ঠাৰ বাবে প্ৰশংসা কৰে।
সৰ্বভাৰতীয় কে-পপ প্ৰতিযোগিতাৰ দৰে পদক্ষেপৰ জৰিয়তে এল জি ইলেক্ট্ৰনিক্স ইণ্ডিয়াই Gen Z ৰ সৈতে প্ৰতিধ্বনিত হোৱা ব্ৰেণ্ড হিচাপে নিজৰ স্থান নিৰ্ধাৰণ কৰিছে।এল জি ইলেক্ট্ৰনিক্স ইণ্ডিয়াই যুৱক-যুৱতীসকলৰ সৈতে অহৰহ সংযোগ নিশ্চিত কৰে, কে- পপ ’দৰে বিশ্বব্যাপী সাংস্কৃতিক কাৰ্যসূচীক আত্মপ্ৰকাশৰ অৰ্থপূৰ্ণ মঞ্চৰ সৈতে মিহলাই সংযোগ আৰু প্ৰাসংগিকতাৰ ভাৱনাক লালন-পালন কৰে।

Leave A Reply

Your email address will not be published.