জি এ ই এফৰ উদ্যোগত বিক্ৰী সৃষ্টি কৰাত পেকেজিং আৰু বজাৰ স্থাপনৰ ভূমিকাৰ বিষয়ে আলোচনা

0 243

১৭ জুলাইত গোলকীয় অসমীয়া উদ্যমিতা মঞ্চৰ উদ্যোগত বিক্ৰী সৃষ্টি কৰাত পেকেজিং আৰু বজাৰ স্থাপনৰ ভূমিকা ( Role of packaging and market placement in generating sales)” ৰ্শীষক এখন ৱেবিনাৰ অনুষ্ঠিত হয়৷
যিকোনো সামগ্ৰী বা সেৱা উদ্যোগৰ সফলতাত ব্ৰেণ্ডিং, ব্ৰেণ্ড পজিচনিং আৰু মাৰ্কেটিঙে উল্লেখযোগ্য ভূমিকা পালন কৰে যিদৰে বিভিন্ন ধৰণৰ পেকেজিঙৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বহনক্ষম পেকেজিঙৰ এই যুগত ই বিশেষভাৱে গুৰুত্বপূৰ্ণ হৈ পৰিছে ৷ এই সমস্যাসমূহৰ সমাধানৰ বাবে আৰু অসমৰ যুৱ উদ্যোগীসকলক এখন মঞ্চ প্ৰদানৰ বাবে জিএইএফৰ আয়োজন কৰা ৱেবিনাৰ খনত সমল ব্যক্তি
আছিল এফআইপিএছৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা ভাৰতীয় পেকেজিং প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক অধ্যাপক ড° নাৰায়ণ চি সাহা আৰু নেৰামেকৰ প্ৰাক্তন পৰিচালন সঞ্চালক মনোজ কুমাৰ দাস৷ লগতে কামোডৰ ৰাজীৱ অশোক (অৱসৰপ্ৰাপ্ত), নেৰামকৰ পৰিচালন সঞ্চালক মুখ্য অতিথি হিচাপে উপস্থিত থাকে৷
বক্তাসকলে বহনক্ষম পেকেজিং, অৰ্থনৈতিক আৰু পৰিৱেশগত প্ৰভাৱ, সামগ্ৰীৰ বিপণন, ব্ৰেণ্ডিঙৰ গুৰুত্ব আৰু আনুষংগিক বিষয়ে আলোচনা কৰে।
জি এ‌ ই‌এফ ৰ সভাপতি পাৰ্থ গগৈ জনাই যে জি‌ এ‌ ই‌ এফৰ দ্বাৰা পৰিকল্পিত ধাৰাবাহিক ৱেবিনাৰৰ এইটো প্ৰথম খণ্ড। প্ৰতি মাহৰ তৃতীয় দেওবাৰে এনে ৱেবিনাৰ অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে আৰু সকলো উদ্যোগীক এই ৱেবিনাৰবোৰত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছে।

Leave A Reply

Your email address will not be published.