জীৱন যুঁজত হাৰ নমনা এজন শিক্ষকৰ কথাৰে

0 288

জীৱন যুঁজত হাৰ নমনা এজন শিক্ষকৰ কাহিনী । যিজন শিক্ষকে দুয়োটা চকুৰে নেদেখিও শিক্ষাদান কৰি আছে এখন চৰকাৰী বিদ্যালয়ত ।
 
 
কিন্তু তেওঁ দুয়োটা চকুৰে নেদেখিলেও  শিক্ষকজন এখন চৰকাৰী বিদ্যালয়ত নিয়মিতভাৱে শিক্ষাদান কৰি আছে সেয়াই হৈছে আটাইতকৈ লক্ষণীয় বিষয় । শিক্ষকজন বৰ্তমান সমগ্ৰ অঞ্চলজুৰি চৰ্চাৰ কাৰণ হৈ পৰিছে ।
 
কাৰণ এয়া কোনো অন্ধ বিদ্যালয়ৰ কথা নহয়, এয়া হৈছে ধুবুৰী জিলাৰ গোলকগঞ্জৰ চৰ অঞ্চলত থকা এখন চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ কথা । কিন্তু বিশেষ ভাৱে সক্ষম  হৈও যে এনেকুৱা চৰকাৰী বিদ্যালয়ত যে  শিক্ষাদান কৰি আছে সেয়া এক ডাঙৰ প্ৰশ্ন হৈ উঠিছে ।
 
তেখেতৰ পাঠ দান কৌশল চালে নাভাবিব যে তেখেত বিশেষ ভাৱে সক্ষম এজন ব্যক্তি  । বিদ্যালয়খনত শিক্ষকজনে হাতেৰে চুই চুই ব্ৰেইলি পদ্ধতিৰে কৰে শিক্ষাদান কৰে । হাতেৰে চুই প্ৰতিটো পাঠ্যপুথিয়ে ইমান ধুনীয়াকৈ যে ছাত্ৰ সকলক বুজাই দিয়ে সঁচাকৈ চালে এনে  লাগে যেন তেখেত অন্ধ নহয় ।
 
কিন্তু আচল কথাটো হৈছে শিক্ষকজন যিটো বিদ্যালয়ত কাম কৰি সেয়া একেবাৰে ভিতৰুৱা অঞ্চলত । য’ত নেকি অহা যোৱাত বৰ অসুবিধাৰ সন্মুখীন হ’ব লগা হয় । এই শিক্ষক জনক প্ৰতিদিনেই তেখেতৰ ঘৈণীয়েকে স্কুটিত বহাই স্কুললৈ অনা নিয়া কৰে ।
 
সেয়ে আজি তেখেতৰ জীৱন সংগ্ৰামৰ কাহিনী সকলোৱে মুখে মুখে চৰ্চিত ।
খবৰ যুগুতালে গোলকগঞ্জৰ পৰা দীপ মহন্তই..

Leave A Reply

Your email address will not be published.