দক্ষিণ কামৰূপৰ নিউজ লাইভৰ জেষ্ঠ্য সাংবাদিক ভগৱান দাসলৈ ২০২৩ চনৰ ব্ৰহ্মপুত্ৰ ভেলী একাডেমী সন্মানৰ বাবে নিৰ্বাচিত কৰিছে গৰৈমাৰীস্থিত ৰাজ ফাউণ্ডেচনে ৷ উল্লেখ্য যে, ৰাজ ফাউণ্ডেচনে পৰিচালনা কৰা ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ অষ্টম বাৰ্ষিক যুৱ মহোৎসৱ উপলক্ষে গৰৈমাৰী টাউন ক্লাব খেল পথাৰত অহা ২৫ নৱেম্বৰত অনুষ্ঠিত হব লগীয়া এক গাম্ভীৰ্যপূৰ্ণ সভাত সাংবাদিক ভগৱান দাসলৈ এই সন্মান আগবঢ়োৱা হব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, কামৰূপ জিলাৰ কুকুৰমাৰা নিৱাসী ভগৱান দাস ২০০৩ চনৰ ১০ মাৰ্চত দৈনিক জনমভূমি কাকতত সাংবাদিকতাৰ যাত্ৰা আৰম্ভ কৰে । পৰৱৰ্তীসময়ত ‘আজি’, ফ্ৰন্টিয়াৰ টিভি, দৈনিক অগ্ৰদূত কাকতত নিষ্ঠা সহকাৰে সংবাদসেৱা আগবঢ়ায়৷পিছলৈ বহুুল প্ৰচাৰিত ছেটেলাইট চেনেল নিউজ লাইভত ২০০৯ চনৰ পৰা আজিলৈ দক্ষিণ কামৰূপৰ পৰা সংবাদ সেৱা কৰি আহিছে আৰু বৰ্তমান নিউজ লাইভ কতৃপক্ষই দক্ষিণ কামৰূপৰ এজন জেষ্ঠ সাংবাদিক হিচাপে স্বীকৃতি প্ৰদান কৰিছে। আনহাতে, সাংবাদিক ভগৱান দাসে নিয়মীয়া বাৰ্তা কাকততো বিগত চাৰি বছৰ ধৰি সংবাদ সেৱা কৰি আহিছে৷
Trending
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী