জ্ঞানোত্তমে বিলাইছে শিক্ষাৰ পোহৰ

0 245

ক’ৰণা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ চৰকাৰে ঘোষণা কৰা লকডাউনৰ সময়চোৱাত শিক্ষাৰ্থী সকলৰ শিক্ষা আহৰণৰ ক্ষেত্ৰত ব্যাপক ক্ষতি হোৱাৰ কথা চিন্তা কৰি ভিন্ন জনে ভিন্ন পন্থা অৱলম্বন কৰিছে৷
 
 
 
আনহাতে বিদ্যালয় মহাবিদ্যালয় সমূহ কেতিয়া খুলিব এতিয়াও নিশ্চিত হোৱা নাই৷এই সময়ছোৱাত অসমৰ ভিন্ন প্ৰান্তৰ পৰা ৩‍১ গৰাকী উচ্চ শিক্ষিত যুৱক যুৱতীয়ে  সামাজিক মাধ্যমৰ জৰিয়তে একগোট হৈ ডিজিটেল মাধ্যমৰ জৰিয়তে পাঠদান কৰিবলৈ “জ্ঞানোত্তম” নামেৰে এটি হুৱাটচ্আপ গ্ৰুপ গঠন কৰে আৰু ইয়াৰ যোগেদি অসমৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠদানৰ কাৰ্যসূচী হাতত লয়৷
 
ইয়াৰ সৈতে জড়িত উচ্চ শিক্ষিত যুৱক সকলে ব্যক্তিগত সমস্যাক আওকাণ কৰি দশম শ্ৰেণী আৰু কলা,বিজ্ঞান আৰু বাণিজ্য শাখাৰ দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক মে’ মাহৰ ১ তাৰিখৰ পৰাই বিনামূলীয়াকৈ ডিজিটেল মাধ্যমৰ যোগেদি পাঠদান আগবঢ়াই আহিছে আৰু ইয়াৰ জড়িয়তে অসমৰ প্ৰায় ২০০০ শিক্ষাৰ্থী উপকৃত হৈছে৷ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত অধ্যয়নৰত হৈ থকাৰ ওপৰিও সাহিত্য সংস্কৃতি দিশতো জড়িত এই উচ্চ শিক্ষিত যুৱক যুৱতীসকলৰ পদক্ষেপক সকলোৱে প্ৰশংসা কৰিছে৷
খবৰ যুগুতালে লাহিঙৰ পৰা গোপাল কৃষ্ণ বাঢ়ৈয়ে..

Leave A Reply

Your email address will not be published.