টপচেম চিমেন্টে বিশ্ব শিশু দিৱস উপলক্ষে শিশু পৰিচৰ্য্যা গৃহৰ আৰ্ত শিশুসকলৰ বাবে বিতৰণ কৰে বিদ্যায়তনিক সামগ্রী

0 154

বঞ্চিত আৰু আৰ্ত শিশুসকলৰ শৈক্ষিক যাত্রাত সহায়তা আগবঢ়োৱাৰ লগতে তেওঁলোকৰ উজ্জ্বল ভবিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি টপচেম চিমেন্টে গুৱাহাটীৰ দহখনকৈ শিশু পৰিচৰ্য্যা গৃহৰ আৰ্ত শিশুসকললৈ “উৎসাহ” গুৱাহাটীৰ সহযোগত বিদ্যায়তনিক সামগ্রী বিতৰণ কৰে।এই পদক্ষেপৰ জৰিয়তে টপচেম চিমেন্টে বঞ্চিত তথা আৰ্থিক ভাৱে দুৰ্বল শিশুসকলক স্বাধীন আৰু সঠিক পথ বিচাৰি পোৱাত সহায়ক হোৱাৰ সমান্তৰালভাৱে নিজা সিদ্ধান্ত লোৱাৰ ক্ষেত্রতো সহায়তা প্রদান কৰিব বুলি আশা ৰাখিছে।এই সহায়তাই তেওঁলোকৰ আত্মবিশ্বাস গঢ়ি তোলাৰ লগতে পৰিয়াললৈকো শৈক্ষিক বাতাবৰণ আনিব।
টপচেম চিমেন্টে গুৱাহাটীত আয়োজিত এক অনুষ্ঠানত দহখনকৈ শিক্ষানুষ্ঠান, ক্ৰমে কল্যাণী নিবাস ৰূপনগৰ,চেভেন চিচটাৰ্চ চিল্ড্রেন হোম ফৰ গাৰ্লচ ভগদত্তপুৰ, শিশু কল্যাণ সদন জালুকবাৰী,অ’পেন চেল্টাৰ হোম ফৰ বয়জ পাঞ্জাবাৰী,উৎসাহ ইডুকেচন/কমিউনিটি চেন্টাৰ বামুনীমৈদাম, আশানীৰ হোম ৰূপনগৰ,অময়া চলিহালয় অ’পেন চেল্টাৰ হোম ফৰ বয়জ উলুবাৰী, স্নেহা বন্ধন ত্ৰিপুৰা ৰোড জয়ানগৰ,প্ৰয়াত ঋষি হাজৰিকা মেমোৰিয়েল হোম ফৰ চিল্ড্রেন(ডেচটিনেচন) ভগদত্তপুৰ, কস্তুৰী চিল্ড্রেন কেয়াৰ হোম সুৰজ নগৰ ছয়মাইল।উক্ত শিক্ষানুষ্ঠান সমূহৰ মাজত প্ৰায় ১২,০০০ পেঞ্চিল,৭,০০০ কলম আৰু ১,২০০ নোটবুক বিতৰণ কৰা হয়।সামগ্রী বিতৰণৰ এই কাৰ্য্যসূচীটো শিশুসকলৰ শৈক্ষিক প্ৰয়োজনৰ প্ৰতি লক্ষ্য তথা”উৎসাহ “ৰ বিশেষ প্ৰস্তাৱৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। গুৱাহাটীস্থিত উৎসাহৰ বিষয়ববীয়া আৰু প্ৰতিখন শিক্ষানুষ্ঠানৰ প্ৰতিনিধিৰ অংশগ্রহণেৰে এই কাৰ্য্যসূচীটো ৰূপায়িত কৰা হয়।বিশেষ আয়োজনটোত ভাগ লৈ ডঃ অনিল কাপুৰে মন্তব্য কৰে যে, ” শিক্ষা প্ৰতিগৰাকী শিশুৰ অধিকাৰ, শিশুসকলক এই অধিকাৰৰ পৰা মৌলিক সুবিধাখিনিৰ অজুহাতত বঞ্চিত কৰা অনুচিত।টপচেম চিমেন্টে ২০২১ চনৰ পৰা এই সজাগতা যাত্রা আৰম্ভ কৰিছিল আৰু আমি এই যাত্রাক অগ্রগতি প্ৰদান কৰি আগুৱাই লৈ যাম।কাৰ্য্যসূচীটো সুন্দৰকৈ আয়োজন কৰি ৰূপায়িত কৰাৰ সুবিধা প্রদান কৰাৰ বাবে উৎসাহ চাইল্ড কেয়াৰলৈ ধন্যবাদৰ শৰাই আগবঢ়ালো।
সমাজৰ অভাৱগ্রস্ত স্তৰৰ বহু সংখ্যক শিশুৰে শৈক্ষিক যাত্রাত বহী ,কাগজৰ দৰে সাধাৰণ কাৰকবোৰেই অন্তৰায় হৈ পৰা পৰিলক্ষিত হয়।তেনে শিশুসকলৰ এই সমস্যাবোৰৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰি টপচেম চিমেন্টে শিশু পৰিচৰ্য্যা গৃহৰ আৰ্ত শিশুসকললৈ নোটবুক আৰু অন্যান্য বিদ্যায়তনিক সামগ্রী বিতৰণৰ সিদ্ধান্ত গ্রহণ কৰিছে।২০২১ চনৰ পৰাই কাৰ্য্যকৰী হৈ অহা টপচেম চিমেন্টৰ সামগ্রী বিতৰণৰ জৰিয়তে প্ৰায় ৫০০ ছাত্র ছাত্রী প্ৰত্যক্ষভাৱে উপকৃত হ’ব।এই পদক্ষেপৰ মুখ্য উদ্দেশ্য হৈছে শিশুসকলৰ শৈক্ষিক যাত্রাত তেওঁলোকৰ নিতান্ত প্ৰয়োজন পূর্ণ কৰা।

Leave A Reply

Your email address will not be published.