আপকুৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন-ৰাজ্যৰ তিনিগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা

0 141

সমগ্ৰ দেশৰ লগতে ৰাজ্যখনৰ চৰকাৰী পঞ্জীয়নভুক্ত সাংবাদিকসকলৰ সংগঠন আসাম প্ৰেছ ক’ৰেছপণ্ডেণ্টছ্ ইউনিয়ন চমুকৈ ‘আপকু’ৱে আজি গুৱাহাটী প্ৰেছ ক্লাবত দিনযোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসটো উদযাপন কৰা হয়। প্ৰেছ কাউণ্সিল অফ ইণ্ডিয়াৰ প্ৰতিষ্ঠা দিৱসটোৰ লগত সংগতি ৰাখি প্ৰতি বছৰৰ ১৬ নৱেম্বৰৰ দিনটো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে উদযাপন কৰা হয়।
আপকুৱে বিগত প্ৰায় দুটা দশক গুৱাহাটী প্ৰেছ ক্লাবত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে।আজিৰ দিনটোও ব্যতিক্ৰম নহ’ল। আজি পুৱাৰ ভাগত আপকৰ পতাকা উত্তোলন কৰি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভণী কৰে সাংবাদিক সংগঠনটোৰ সভাপতি স্বপন কুমাৰ ৰাভাই।পতাকা উত্তোলনৰ পিছতেই ৰাজ্যখনৰ শ্বহীদ সাংবাদিক সকলৰ প্ৰতিচ্ছবিত স্মৃতি তৰ্পন কৰে ‘আপকু’ৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি মৌচমজ্যোতি বৈশ্যই। মন কৰিবলগীয়া যে ৰাজ্যখনত এতিয়ালৈকে বিভিন্ন ঘটনাত ৩২ জন সাংবাদিক শ্বহীদ হৈছে।

দুপৰীয়া আপকুৰ কেন্দ্ৰীয় সভাপতি স্বপন কুমাৰ ৰাভাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। সভাত ৰাজ্যখনৰ তিনিগৰাকী জ্যেষ্ঠ সাংবাদিক ক্ৰমে এন কে টিভি প্লাচৰ কনছালটিং এডিটৰ প্ৰনয় বৰদলৈ, দৈনিক জনমভূমি কাকতৰ বাৰ্তা সম্পাদক নিতুল বৰুৱা আৰু অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক ভৱেন দত্তক সাংবাদিকতাৰ জগতখনলৈ বিগত কেইবাটাও দশক ধৰি কৰি অহা অৱদানৰ বাবে ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়।
মনকৰিবলগীয়া যে,চৰকাৰে এইবাৰ সাংবাদিক সকলক চৰকাৰী পেঞ্চন প্ৰদান কৰা নাই আৰু পেঞ্চনৰ বাবে আবেদন বিচাৰি এডভাৰটাইছমেণ্টও প্ৰকাশ নকৰিলে। প্ৰতিবছৰেই ১৫ আগষ্টত স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত সাংবাদিক পেঞ্চন প্ৰাপ্ত সাংবাদিক সকলৰ তালিকা প্ৰকাশ কৰা হয়। ব্যতিক্ৰম হৈ ৰ’ল ২০২৩ বৰ্ষ। সাংবাদিকৰ মিডিয়া ফেলশ্বিপ, এককালীন সাহাৰ্যৰ আ‍ঁচনিখনো ২০২৩ বৰ্ষত ৰূপায়ণ নহ’ল। আজিৰ এই প্ৰেছ দিৱসৰ মুকলি সভাৰ পৰাই ‘আপকু’ৱে সাংবাদিকৰ লগত জড়িত আঁচনি পুনৰ ৰূপায়ণ কৰিবলৈ চৰকাৰীপক্ষলৈ অনুৰোধ জনায়।আপকুৰ কামৰূপ জিলা সমিতিৰ সহযোগত অনুষ্ঠিত ‘আপকু’ৰ কেন্দ্ৰীয় সমিতিয়ে আয়োজন কৰা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। নিজৰ ভাষণত বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সাংবাদপত্ৰ আৰু সাংবাদিকৰ সাম্প্ৰতিক সমাজ ব্যৱস্থাত ভূমিকা কেনেধৰণৰ হোৱা উচিত সেই বিষয়ে ব্যাখ্যা আগবঢ়াই। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীত সাংবাদিকৰ ত্যাগৰ বিষয়ে উল্লেখ কৰি কয় যে–“সমাজ ব্যৱস্থাত সাংবাদিকৰ বহু ত্যাগ আছে। দিনৰ দিনটো বাতৰিৰ পিছে পিছে ঘুৰি সাংবাদিকে নিজৰ ঘৰখনত সময় দিব নোৱাৰে। সাংবাদিকসকলে সদায়েই সমাজৰ হিতৰ কথা চিন্তা কৰে। সাংবাদিকসকলে এতিয়া পৰিবৰ্তিত সময়ত ৰাইজৰ প্ৰতিনিধি স্বৰূপে বিধায়ক হোৱাৰ কথাত চিন্তা কৰিব লাগে। কাৰণ সমাজৰ হৈ চিন্তা কৰা লোকসকল বিধানসভালৈ আহিলে আইন প্ৰণয়ণৰ ক্ষেত্ৰত বিধানসভাত চিন্তাশীল আলোচনা হব। পুনৰ অধ্যক্ষ দৈমাৰীয়ে কয় যে–সাংবাদিকে মাজে সময়ে যিসকল লোকে সমাজত ভাল কাম কৰে তেওঁলোকৰ ওপৰত বাতৰি পৰিবেশন কৰিব লাগে। যাতে পাঠক ৰাইজে কিছু যোগাত্মক খবৰো লাভ কৰে।
ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাযসূচীত আজি কটন বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগৰ কিছু সংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। এই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বিধান সভাৰ অধ্যক্ষ গৰাকীয়ে কয় যে–বিধান সভাত আইন কেনেকৈ ৰূপায়ণ হয়। সেই বিষয়ত ছাত্ৰ-ছাত্ৰী সকলেও জানিব লাগে। বিধায় সভাৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীসকলৰ লগত অন্তৰংগ অনুষ্ঠানৰো পোষকতা কৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।আজিৰ প্ৰেছ দিৱসৰ মুকলি সভাত অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তও উপস্থিত থাকি অসমত এতিয়ালৈ যিসকল সাংবাদিক বিভিন্ন ঘটনাত হত্যাৰ বলি হ’বলগীয়া হৈছে। সেইসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। আনহাতে সাংবাদিকসকলৰ বাবে ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা আঁচনি সমূহত কিছু যঁতি ৰৈ যোৱা বুলি উল্লেখ কৰি বিশিষ্ট সাংবাদিক গৰাকীয়েও সাংবাদিকৰ কল্যাণৰ আঁচনিসমূহ নিয়মীয়াকৈ প্ৰৱৰ্তন কৰিবলৈ ৰাজ্য চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে।সম্বৰ্ধনা গ্ৰহণ কৰি এন কে টিভি প্লাচৰ জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈয়ে সাংবাদিকৰ সমস্যা আৰু বিশ্বৰ মানচিত্ৰৰ ভাৰতবৰ্ষৰ সাংবাদিকৰ সুৰক্ষাৰ ওপৰত আলোকপাত কৰে।

Leave A Reply

Your email address will not be published.