অহা ৫ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈকে কলকাতাত অনুষ্ঠিত হ’বলগীয়া ২৯ সংখ্যক ‘কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’লৈ নিৰ্বাচিত হৈছে অসমৰ তথ্যচিত্ৰ ‘চেলেঞ্জ’। মহোৎসৱৰ ‘ভাৰতীয় তথ্যচিত্ৰৰ প্ৰতিযোগিতা শাখা’লৈ নিৰ্বাচিত হৈছে ৰমেন বৰা আৰু শিৱাণু বৰা পৰিচালিত এই তথ্যচিত্ৰখন ।উল্লেখযোগ্য যে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা প্ৰেৰণ কৰা তথ্যচিত্ৰসমূহৰ মাজৰ পৰা মুঠ ৮ খন তথ্যচিত্ৰই এই প্ৰতিযোগিতামূলক তথ্যচিত্ৰৰ শাখাৰ বাবে মহোৎসৱৰ অফিচিয়েল চিলেকছন লাভ কৰিছে।এই ৮ খন তথ্যচিত্ৰৰ মাজত অসমৰ একমাত্ৰ তথ্যচিত্ৰ হিচাপে নিৰ্বাচিত হৈছে ‘চেলেঞ্জ’ । ‘কামৰূপা ক্ৰিয়েছনচ’ৰ বেনাৰত নিৰ্মিত এই তথ্যচিত্ৰখন প্ৰযোজনা কৰিছে ভৰত কলিতাই।তথ্যচিত্ৰখনৰ চিত্ৰগ্ৰহণ কৰিছে হিতেন ঠাকুৰীয়াই । চিত্ৰনাট্য পূৰ্বাণী গোস্বামীৰ।ছবিখনৰ ছাউণ্ড ডিজাইন কৰিছে দেৱজিত চাংমাই আৰু অমৃত প্ৰীতমে।সম্পাদনা ৰমেন বৰাৰ। ডি আই কালাৰ ৰতন শীলৰ।তথ্যচিত্ৰখনৰ ধাৰাভাষ্য দিছে জীতেন্দ্ৰ ৰামপ্ৰকাশে।এগৰাকী চিত্ৰশিল্পী হিচাপে তথ্যচিত্ৰখনৰ বিশেষ কিছু মুহূৰ্ত অলংকৃত কৰিছে ৰবীন বাৰে।বিশেষভাবে সক্ষম এগৰাকী যুৱতীৰ জীৱন সংগ্ৰামৰ কাহিনীৰ লগতে এনেবোৰ সন্তানৰ জীৱন গঢ়াৰ ক্ষেত্ৰত মাতৃসকলৰ যি প্ৰত্যাহ্বানমূলক ভুমিকা জড়িত হৈ থাকে সেই বিষয়ক লৈ নিৰ্মাণ কৰা হৈছে ৩৬ মিণিট দৈৰ্ঘ্যৰ তথ্যচিত্ৰ চেলেঞ্জ । দেশৰ তৃতীয় সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ হিচাপে জনাজাত ‘কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ভাৰতীয় তথ্যচিত্ৰৰ প্ৰতিযোগিতা শাখা’লৈ ‘চেলেঞ্জ’ৰ উপৰি নিৰ্বাচিত হোৱা আন সাতখন তথ্যচিত্ৰ হৈছে সৌৰভ চাৰেংগীৰ ‘টাইগাৰ আৰ্মী’, বিন্দু নায়াৰৰ ‘ফ’ৰ্জ্ড ইন ফায়াৰ’, বিশাল পি চলিহাৰ ‘চামডে’, শুভ দাস মল্লিকৰ ‘নৱজাগৰণেৰ গান’, হাইদৰ খানৰ ‘লেংগুৰ’, অভিজিৎ চক্ৰৱৰ্তীৰ ‘চবৰ – অৰণ্যেৰ অন্ন কথা’ আৰু সুষমা মিলিন্দ কুভলেকাৰৰ ‘দ্য ডিভাইন হাৰ্ট’। পশ্চিমবংগ চৰকাৰৰ তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা আয়োজিত এই মহোৎসৱত ভাৰতীয় প্ৰীমিয়াৰ হিচাপেও প্ৰদৰ্শিত হ’ব চেলেঞ্জ।
Trending
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী
- Assam Down Town University Holds an Interactive Session on Graphology Analysis
- Finance Minister Jayanta Mallabaruah Inspects Erosion Affected Jamuguri in Bihpuria- Directs Long-Term Protective Measures