টাস্ক ফৰ্চৰ দ্বিতীয় খন বৈঠক অনুষ্ঠিত

0 280

শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈৰ অধ্যক্ষতাত জিলাখনত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰতিৰোধৰ বাবে গঠিত টাস্ক ফৰ্চৰ দ্বিতীয়খন বৈঠক কালি অনুষ্ঠিত হয়। বৈঠকত স্বাস্থ্য বিভাগক প্ৰমুখ্যে বিভিন্ন সহযোগী বিভাগৰে গঠিত এই টাস্ক ফৰ্চৰ কাম-কাজৰ বিষয়ে বিস্তৃত ভাৱে আলোচনা কৰা হয়।
 
 
উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত অনুষ্ঠিত এই বৈঠকত উপায়ুক্ত গৰাকীয়ে জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰতিৰোধৰ বাবে জিলা স্বাস্থ্য বিভাগ আৰু অন্যান্য সহযোগী বিভাগ সমূহক সুসমন্বয় ৰক্ষা কৰি তথা প্ৰণালীবদ্ধভাৱে আৰু সুপৰিকল্পনাৰে এক শক্তিশালী কাৰ্যপন্থা অৱলম্বন কৰি কাম কৰি যাবলৈ আহ্বান জনায়। তেখেতে লগতে এই সন্দৰ্ভত প্ৰতিৰোধমূলক ব্যৱস্থাৱলী ক্ষিপ্ৰতাৰে আৰু বহুলভাৱে গ্ৰহণ কৰাৰ লগতে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
 
সাম্প্ৰতিক ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজাৰ লগতে বানপানীৰ সমস্যাৰ সৈতে মোকাবিলা কৰাৰ সমান্তৰালকৈ এতিয়া জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰতো সংশ্লিষ্ট সকলো বিভাগে নিষ্ঠাৰে কাম কৰি যাব লাগিব বুলি উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰে। সকলো সহযোগী বিভাগে এই ক্ষেত্ৰত দৃঢ় মনোবলেৰে আৰু একাগ্ৰতাৰে কাম কৰি যাব বুলি জিলা উপায়ুক্তই বিশ্বাস ব্যক্ত কৰে।
 
বৈঠকত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ স্যমন্ত মাধৱ শৰ্মাই জিলাখনত জাপানীজ এনকেফেলাইটিছ আৰু অন্যান্য একিউট এনকেফেলাইটিছ চিন্দ্ৰমৰ সাম্প্ৰতিক স্থিতি সম্পৰ্কে অৱগত কৰে। তেওঁ উল্লেখ কৰে যে জিলাখনত ইতিমধ্যে ৩০ গৰাকী লোকৰ শৰীৰত একিউট এনকেফেলাইটিছ চিন্দ্ৰম ধৰা পৰাৰ লগতে তাৰে ভিতৰত ৯ গৰাকী জাপানীজ এনকেফেলাইটিছ ৰোগত আক্রান্ত হোৱাৰ লগতে ৩ গৰাকী ৰোগীৰ ইতিমধ্যে মৃত্যু হৈছে। তেওঁ স্বাস্থ্য বিভাগে এই ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰতিৰোধমূলক ব্যৱস্থাৱলী সম্পৰ্কে বৈঠকত অৱগত কৰে। তেওঁ লগতে উল্লেখ কৰে যে, জাপানীজ এনকেফেলাইটিছ ৰোগৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় দৰৱ সমূহ স্থানীয় ভাৱে ক্ৰয় কৰি মজুত ৰখাৰ ব্যৱস্থা কৰা হৈছে।
 
 
বৈঠকত টাস্ক ফৰ্চৰ অধীনত চলি থকা বিভিন্ন কাম-কাজ যেনে এনে ৰোগ প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা শিশু আৰু প্ৰাপ্তবয়স্ক সকলৰ ভেকচিনিনেছন ব্যৱস্থা, ধোঁৱা দিয়া, আঁঠুৱা ঔষধিকৰণ কৰা, এই ৰোগ চিনাক্তকৰণৰ বাবে গ্ৰহণ কৰা পৰীক্ষাৰ ব্যৱস্থা, ৰোগীক প্ৰদান কৰা চিকিৎসামূলক ব্যৱস্থা, এই ৰোগ সম্পৰ্কে ৰাইজৰ মাজত চলোৱা সজাগতা অভিযান ইত্যাদি সম্পৰ্কে বিতংভাৱে আলোচনা কৰা হয়।
 
বৈঠকত অতিৰিক্ত উপায়ুক্ত বিদিত দাসে জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰতিৰোধ তথা চিকিৎসাৰ ক্ষেত্ৰত চৰকাৰে প্ৰদান কৰা নিৰ্দেশনাৱলী সম্পৰ্কে অৱগত কৰাৰ লগতে এই সমূহ সম্পূৰ্ণ ৰূপে পালন কৰিবলৈ সংশ্লিষ্ট সকলোকে আহ্বান জনায়।
খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিলিস্তান খানে

Leave A Reply

Your email address will not be published.