টাৱাংঙত মহাবিদ্যালয়ত কেডেটৰ সৈতে মত বিনিময় এন.চি.চিৰ উত্তৰ পূৱ মণ্ডলৰ এ.ডি.জি মেজৰ জেনেৰেল অনন্ত ভূঞাৰ

0 209

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ আন্তৰ্জাতিক সীমান্তৰে আবৃত ৰাজ্য সমূহৰ সীমান্তত বাস কৰা ছাত্ৰ-ছাত্ৰী সকলে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমক এন.চি.চিত ভৰ্ত্তি হৈ দেশপ্ৰেমৰে উদ্বুদ্ধ হৈ দেশমাতৃৰ সেৱা আগবঢ়াব পাৰে তাৰ তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আনকি বিগত বৰ্ষৰ ১৫ আগষ্টৰ স্বাধীনতা দিৱসত লালকিল্লাত পতাকা উত্তোলন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাহিনীটোক আন্তৰ্জাতিক সীমান্তৰ লগতে সাগৰীয় উপকূলীয় অঞ্চল সমূহৰ শিক্ষানুষ্ঠান সমূহত কেডেট ভৰ্ত্তি অভিযান আৰম্ভ কৰিবলৈ আহ্বান জনাইছিল। সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই এন.চি.চিৰ শ্বিলংস্থিত উত্তৰ পূৱ মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান (এ.ডি.জি) মেজৰ জেনেৰেল অনন্ত ভূঞাই মণ্ডলৰ অধীনৰ সাতোখন ৰাজ্যতে আন্তৰ্জাতিক সীমান্তবৰ্তী অঞ্চলত বিগত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা কেডেট ভৰ্ত্তি অভিযান আৰম্ভ কৰিছে‌। ইয়াৰ অংশহিচাপে ২৬ এপ্ৰিলৰ দিনা এ.ডি.জি মেজৰ জেনেৰেল অনন্ত ভূঞাই ভাৰত-তিৰ্বত সীমান্তৰ টাৱাং জিলাত থকা দৰ্জী খান্দু চৰকাৰী মহাবিদ্যালয়লৈ গৈ তাৰ ২ এ.পি.বি.এনৰ এন. চি.চি কেডেট সকলৰ সৈতে মত বিনিময় কৰে। জেনেৰেল ভুঞাক সংগ দিয়ে এন.চি.চিৰ তেজপুৰ গ্ৰুপৰ গ্রুপ কমাণ্ডাৰ ব্ৰিগেদিয়াৰ এ. এছ কাছানা, ২ এ.পি.বি.এন এন.চি.চিৰ কমাণ্ডিং অফিচাৰ কৰ্ণেল ধৰ্মেন্দ্ৰ যাদবে। জেনেৰেল ভূঞাই কেডেট সকলৰ অভিবাদন গ্ৰহণ কৰে আৰু তেওঁলোকক সম্বোধন কৰি এন.চি.চিৰ পৰা ভৱিষ্যত জীৱনত কেডেট সকল কিদৰে উপকৃত হব পাৰে তাৰ বাখ্যা দাঙি ধৰে। এইক্ষেত্ৰত শেহতীয়াভাবে ইউ.জি.চিয়ে মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত এন.চি.চিক এটা ঐচ্ছিক বিষয় হিচাপে দিয়া স্বীকৃতি দিয়াৰ বিষয়ে সদৰি কৰে। ইয়াৰ উপৰি জেনেৰেল ভূঞাই মহাবিদ্যালয়ৰ সহযোগী এন চি চি বিষয়া (এ.এন.অ), কেডেট প্ৰশিক্ষক বিষয়া (চি.টি.অ), স্থায়ী প্ৰশিক্ষক কর্মী (পি.আই) আদিৰ সৈতেও কেডেট সকলৰ দক্ষতা বৃদ্ধি উন্নত প্ৰশিক্ষণ আদি বিষয়ত বিভিন্ন দিহা পৰামৰ্শ দিয়ে। তেনেদৰে তেওঁ টাৱাং, পশ্চিম কামেং আৰু পূব কামেং জিলাত এন চি চি ৰ শেহতীয়া স্থিতি, বৰ্তমানৰ অৱস্থা সন্দৰ্ভত এক পৰ্যালোচনা বৈঠকত ভাগ লয়।

Leave A Reply

Your email address will not be published.