টিকটবিহীন যাত্ৰীৰ পৰা ৯ মাহত ৪৮.১১ কোটিতকৈ অধিক টকাৰ জৰিমণা সংগ্ৰহ উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষৰ

0 41

যাত্ৰীবাহী ৰেলত টিকট নকটাকৈ যাত্ৰা কৰা বা কটা টিকটৰ বিপৰীতে নিদিষ্ট গন্তব্য স্থানৰ সলনি দূৰৰ আন ৰেলৱে ষ্টেচনত নমা যাত্ৰীৰ বিৰূদ্ধে উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষই আকস্মিক আৰু ধাৰাবাহিক অভিযান চলাই আহিছে। যাৰ বাবে বিগত ২০২৪ বৰ্ষৰ পহিলা এপ্ৰিলৰ পৰা ৩১ ডিচেম্বৰ পৰ্যন্ত ৯ মাহত তেনে অভিযানত টিকটবিহীন যাত্ৰী আৰু গন্তব্য স্থানৰ সলনি কৰা যাত্ৰীৰ বিৰূদ্ধে চলোৱা অভিযানত ৪৮.১১ কোটি টকাতকৈ অধিক টকাৰ জৰিমণা সংগ্ৰহ কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জানিবলৈ দিয়া মতে এই অভিযানসমূহৰ উদ্দেশ্য হৈছে, টিকটবিহীন আৰু অনিয়মিত ভ্রমণ নিয়ন্ত্ৰণ কৰা, যাৰ ফলত প্রকৃত যাত্রীসকল অসুবিধাত পৰে।আনহাতে অভিযান সমূহত পহিলা এপ্ৰিলৰ পৰা ৩১ ডিচেম্বৰলৈকে মুঠ ৫,৭০,১৪১ টা টিকটবিহীন বা অনিয়মীয়া ভ্রমণৰ ঘটনা ধৰা পেলোৱা হয় । তাৰ বিপৰীতে ৪৮.১১ কোটি টকাতকৈ অধিক টকাৰ জৰিমণা সংগ্ৰহ কৰা হয়। একে সময়তে, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দণ্ডাধীশৰ সহায়ত অননুমোদিত যাত্ৰীসকলৰ বিৰুদ্ধে আঠটাকৈ আকস্মিক টিকট চেকিং অভিযান চলোৱা হৈছিল। ফলস্বৰূপে, ৪৪৮ জন ব্যক্তিৰ বিৰূদ্ধে গোচৰ চলোৱা হয়, যাৰ ভিতৰত ৩৮০ জনে ৰে’লৱে আইনৰ নিয়মাৱলী উলংঘা কৰা প্ৰত্যক্ষ কৰা গৈছিল। সেই অনুসৰি তেওঁলোকৰ পৰা জৰিমণা হিচাপে সংগ্ৰহ কৰা মুঠ ধনৰ পৰিমাণ আছিল প্রায় ২.১৩ লাখ টকা। এই ক্ষেত্রত যদি অবৈধ যাত্রীসকল দাবী অনুসৰি ধন পৰিশোধ কৰিবলৈ ব্যর্থ হয় বা অস্বীকাৰ কৰে, তেওঁলোকে ৰে’লৱে আইন, ১৯৮৯ ৰ প্রাসঙ্গিক ধাৰাসমূহৰ অধীনত গোচৰৰ সন্মুখীন হ’ব লগা হয়। মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াজনে সদৰি কৰা অনুসৰি উত্তৰ পূব সীমান্ত ৰেলৱেই সকলো যাত্ৰীক সঠিক আৰু বৈধ টিকটৰ সৈতে ভ্ৰমণ কৰিবলৈ আৰু বৈধ পৰিচয় পত্ৰ লগত ৰাখিবলৈ আহ্বান জনাইছে। এতিয়া যাত্রীসকলে তেওঁলোকৰ স্মার্ট ফোনত অসংৰক্ষিত টিকেটিং চিষ্টেম (ইউটিএছ) মোবাইল এপ্লিকেচনৰ জৰিয়তে দেশৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ ভ্রমণ কৰিবলৈ অসংৰক্ষিত টিকট ক্ৰয় কৰিব পাৰিব।

Leave A Reply

Your email address will not be published.