টীয়কৰ এজন উদ্যমী যুৱ ব্যৱসায়ীয়ে ৰাইজৰ সুবিধাৰ্থে দান কৰিলে এম্বুলেঞ্চ। সঞ্জয় সভাপণ্ডিত নামৰ যুৱকজনে তেওঁৰ পিতৃৰ পবিত্ৰ স্মৃতি জীয়াই ৰখাৰ স্বাৰ্থত এখন মাৰুতি ভান এম্বুলেঞ্চ ৰাইজৰ সুবিধাৰ্থে দান কৰিছে।নুন্যতম ইন্ধনৰ খৰচ বহন কৰি ২৪ ঘন্টাই অক্সিজেন চিলিণ্ডাৰসহ এই এম্বুলেঞ্চখন ৰাইজৰ সুবিধাৰ্থে আগবঢ়োৱা হৈছে বুলি মন্তব্য কৰিছে যুৱ ব্যৱসায়ীজনে।লগতে তেওঁৰ পিতৃ প্ৰায়ত কুল নাথ সভাপণ্ডিতৰ নামত কে এন সভাপণ্ডিত ফাউণ্ডেশ্যন নামৰ এটা ট্ৰাষ্টৰ যোগেদি অনাগত সময়তো ৰাইজৰ কেতবোৰ সমস্যা দূৰ কৰিবলৈ চেষ্টা কৰিব বুলি আশা প্ৰকাশ কৰিছে।উল্লেখযোগ্য যে প্ৰয়াত কুল নাথ সভাপণ্ডিতে টীয়ক নগৰৰ মাজমজিয়াত পাৰিজাত নামে এক হোটেল ব্যৱসায় কৰিছিল আৰু এই ব্যৱসায়ৰ যোগেদি বহুতো নিবনুৱা যুৱকক সংস্থাপনৰ দিহা কৰিছিল আৰু পৰবৰ্তী সময়ত ব্যৱসায়ৰ সমান্তৰালকৈ টীয়কৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত জড়িত হৈ সামাজিক দ্বায়বদ্ধতাৰ পৰিচয় দিয়াৰ লগতে এগৰাকী আদৰ্শ ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল যি আধুনিক টীয়ক গঢ়াত যথেষ্ট অৰিহণা আগবঢ়াইছিল।বিশিষ্ট ব্যৱসায়ীগৰাকীৰ জেষ্ঠ পুত্ৰ তথা পৰিয়ালে ৰাইজৰ সেৱা অৰ্থে লোৱা এই পদক্ষেপক সকলোৱে আদৰণী জনাইছে লগতে ২৪ ঘন্টাই ৰাইজৰ সহায়ৰ বাবে 8761856868/9954489171 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।
Trending
- নগাঁও গোপীনাথ দেৱগোস্বামী মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহ সমাৰোহ সফল সামৰণি
- গুৱাহাটী বিশ্ববিদ্যালয়ত কৃত্ৰিম বুদ্ধিমত্তাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা
- যুৱ নেতৃত্ব সমাৰোহ অনুষ্ঠিত
- কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতা
- ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমূল্য সৃষ্টিৰাজি সংৰক্ষণৰ অৰ্থে বুজাবুজিৰ চুক্তি স্বাক্ষৰ-গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঐতিহাসিক পদক্ষেপ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত পিএম শ্ৰী স্কুলৰ বাবে এ আই চি টি ইৰ উদ্ভাৱনী বুটকেম্পৰ সামৰণি
- The NSE Board has taken key decisions related to its future plans.
- NSE MD & CEO Welcomes Union Budget 2026–27 for Balancing Growth, Fiscal Discipline and future-Ready Reforms
- NSE Chairperson Hails SEBI No-Objection for IPO as Key Milestone
- এয়াৰটেলে ৩৬ কোটি ভাৰতীয়ক এডবি এক্সপ্ৰেছ প্ৰিমিয়ামৰ বিনামূলীয়া সুবিধা প্