কালি ডিব্ৰুগড় জিলাৰ উপায়ুক্ত সভাকক্ষত জিলা উন্নয়ন সমন্বয়ৰক্ষী আৰু তদাৰকী সমিতিৰ বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত সভাপতিত্ব কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তেল আৰু প্ৰাকৃতিক গেছ,শ্ৰম আৰু নিয়োগ,ডিব্ৰুগড় জিলাৰ লোকসভাৰ সাংসদ তথা ডিব্ৰুগড় জিলাৰ উন্নয়ন সমন্বয়ৰক্ষী আৰু তদাৰকী সমিতিৰ অধ্যক্ষ ৰামেশ্বৰ তেলীয়ে। বৈঠকত উপস্থিত থাকে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু ,চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা , লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা ,ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন,মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ , নাহৰকটীয়া বিধায়ক তৰংগ গগৈ , জিলা উন্নয়ন বিষয়া সঞ্জয় দত্ত, জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া ৰীনা মেক, জিলা পৰিষদৰ সহকাৰী কাৰ্য্যবাহী অভিযন্তা জিতুল গগৈ , জিলা পৰিষদৰ সভাপতি ডেইজী ৰাণী ফুকন, জিলা উন্নয়ন কতৃপক্ষৰ সভাপতি অসীম হাজৰিকা ,বৰবৰুৱা, জয়পুৰ,খোৱাং, লাহোৱাল, পানীতোলা,তেংগাখাট,তিংখোৰ খণ্ড উন্নয়ন বিষয়া সকল,গড়কাপ্তানী বিভাগ( গৃহ,পথ,) জলসম্পদ,নগৰ আৰু পৰিকল্পনা বিভাগ, জলসিঞ্চন বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ,অসম শক্তি বিতৰণ কোম্পানী লিমিটেড, শিক্ষা বিভাগ,কৃষি,বন, উদ্যোগ আৰু বাণিজ্য বিভাগ,সমাজ কল্যাণ বিভাগ ইত্যাদিৰ বিষয়াববীয়া, কৰ্মচাৰী আৰু অন্যান্য সংশ্লিষ্ট বিভাগৰ বিষয়া প্ৰতিনিধি সকল ৭-ঘন্টীয়া বৈঠকত উপস্থিত থাকে য’ত জিলাৰ উন্নয়ন বিষয়ে বিতং ভাৱে আলোচনা কৰা হয়। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে বিশেষকৈ চাহ বাগিচাৰ শ্ৰমিকসকলৰ বিকাশ আৰু কল্যাণৰ ওপৰত গুৰুত্ব আৰোপ কৰে কেৱল বিত্তীয় উন্নীতকৰণৰ জৰিয়তে নহয়, তেওঁলোকৰ স্বাস্থ্য সেৱাৰ জৰিয়তেও। বৈঠকৰ আৰম্ভণিতে, সকলো খণ্ড উন্নয়ন বিষয়াৰ সৈতে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন আঁচনিৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰা হয়। বৰবৰুৱা খণ্ড উন্নয়ন বিষয়াই জনাই যে শ্ৰমিক বাজেট অতিক্ৰম হৈছে আৰু যেতিয়া লক্ষ্য আছিল প্ৰায় ১৭ লাখ, ই প্ৰায় ২৮ লাখত উপনীত হৈছে। ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে খণ্ড উন্নয়ন বিষয়াৰ সৈতে ই-শ্ৰাম কাৰ্ড আৰু আধাৰ কাৰ্ড পঞ্জীয়নৰ প্ৰগতিৰ বিষয়ে নিশ্চিত কৰোতে বিষয়াৰ দ্বাৰা অৱগত হয় যে চাহ বাগিচাৰ কৰ্মীসকল আৰ্থিক দিশত বঞ্চিত লোক আৰু তেওঁলোকে বৈধ নথি পত্ৰ প্ৰস্তুত কৰিবলৈ অক্ষম হয় যাৰ কাৰণে তেওঁলোক আধাৰ পঞ্জীয়নৰ পৰা বিৰত হয়। এই সন্দৰ্ভত বিধায়কজনে কয় যে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে আধাৰৰ প্ৰতিস্থাপনৰ পৰামৰ্শ দিছে যি আধাৰ কাৰ্ডৰ বিপৰীতে অৰ্ধ যোগানৰ ক্ষেত্ৰত ব্যৱহাৰিত কৰিব পৰা যাব।আধাৰৰ ভাৰপ্ৰাপ্ত বিষয়াই অৱগত কৰে যে নিজৰ ফটো থকা পৰিচয় পত্ৰ আৰু নথি পত্ৰৰ অবিহনে ৰাজপত্ৰিত বিষয়াৰ দ্বাৰা স্বাক্ষাৰিত পূৰ্ণ কৰণ আৰ্হি জমা দিব পাৰিব। জিলা উন্নয়ন বিষয়াই আধাৰৰ পঞ্জীয়নকৰণৰ কাৰ্য্যসূচী চাহ বাগিচা এলেকাত সজাগতাৰ দ্বাৰা ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিয়ে। উপস্থিত শীৰ্ষ বিষয়া সকলে খণ্ড উন্নয়ন বিষয়া সকলক আধাৰ পঞ্জীয়নৰ বাবে বিশেষ শিবিৰৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে যাতে সকলো চাহ কৰ্মীৰ পঞ্জীয়ন হয়। খণ্ড উন্নয়ন বিষয়া সকলক ই-শ্ৰম কাৰ্ডৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে মেনৰেগা আঁচনিৰ কাৰণে আৰু পঞ্চায়ত পৰ্য্যায়ত সভাৰ আয়োজন কৰিবলৈ নিৰ্দেশ দিয়ে।আন এটা গুৰুত্বপূৰ্ণ আঁচনি প্ৰধান মন্ত্ৰী আৱাস যোজনা গ্ৰামীণ-চাহ বাগিচা এলেকাত গৃহ নিৰ্মানকাৰ্য্য, আৰু আপত্তি বিহীন নথিৰ কৰ্মীৰ পৰা কতৃপক্ষক আৱশ্যকতাৰ ওপৰত আলোচনা হয় আৰু আঁচনিৰ কাম ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিয়া হয়। চতুৰ্থ দশ বিত্তীয় আয়োগ আৰু পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত বিভিন্ন আঁচনিৰ ওপৰতো বাৰ্তালাপ হয়। ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যক্ৰমৰ অন্তৰ্গত বিভিন্ন আঁচনি সমূহ তেনে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আঁচনি, শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আচঁনি ইত্যাদিৰ বিষয়েও উক্ত সভাত আলোচনা কৰা হয়।লোকনিৰ্মাণ বিভাগ গৃহৰ অধীনত মৰাণ ক্ৰীড়া ক্ষেত্ৰ,মৰাণ বৰবজাৰ, খনিকৰত Multi Disciplinary Sports Complexৰ নিৰ্মাণ কাৰ্য্যৰ,অসম চিকিৎসালয় ডিব্ৰুগড়ত ,-350 bedded boys hostel,Dr.Sarita Taahniwal Ladies Hostel Building, ইত্যাদিৰ নিৰ্মাণ কাৰ্যৰ ওপৰত পৰ্য্যালোচনা কৰা হয়। বিদ্যালয়ৰ পৰিদৰ্শকক চাবুৱা,,চেপন,নামচাং,মুকুলবাৰী, নাহৰকটীয়া,কলনী ইত্যাদি চাহ বাগিচাৰ মডেল স্কুল সমূহৰ নিৰ্মাণকাৰ্যৰ বিষয়ে তথ্য প্ৰদান কৰিবলৈ দিওতে, তেখেতে জনায় যে স্কুল সমূহত সঠিককৈ নিৰ্মিত পাকঘৰ আৰু খোৱা পানীৰ ব্যৱস্থাৰ প্ৰয়োজন ।এই সন্দৰ্ভত বিধায়কে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লগত যোগাযোগ কৰিবলৈ নিৰ্দেশ দিয়ে। গড়কাপ্তানী বিভাগ(পথ)ৰ অন্তৰ্গত PMGSY-I,II and III অধীনত পথৰ নিৰ্মাণ ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিয়া হয়। অন্যান্য গুৰুত্বপূৰ্ণ আঁচনি যেনে জলসম্পদ, জলসিঞ্চন, কৃষি,বন বিভাগৰ ওপৰতো বিতং ভাৱে আলোচনা কৰা হয়। নতুনকৈ উদ্বোধিত Assam Cancer Care Foundation ত OPD সেৱা কাৰ্য্যকৰী হৈছে আৰু চৈধ্য গৰাকী চিকিৎসকক নিযুক্তি দিয়া হৈছে। বিধায়ক গৰাকীয়ে আশা কৰ্মী আৰু পৰ্য্যবেক্ষকৰ খালী পদ সমুহ অতি শীঘ্ৰে নিযুক্তি দিবলৈ আহ্বান জনায়। বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়াই স্বাস্থ্য বিভাগক জাপানীজ এনকেফেলাইটিছৰ নিচিনা ৰোগৰ কাৰণে উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। অৱশেষত উদ্যোগ আৰু বাণিজ্য বিভাগৰ বিষয়া আৰু প্ৰতিনিধি সকলক চাহ বাগিচাৰ কৰ্মীৰ বাবে বেংক একাউণ্টৰ যোগান আৰু বাগিচা এলেকাত এ টি এমৰ ব্যৱস্থাৰ কাৰণে নিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
Trending
- ১০-১১ ডিচেম্বৰত গুৱাহাটীত বালিপাৰা ফাউণ্ডেচনৰ ১৩ সংখ্যক বাৰ্ষিক আন্তৰ্জাতিক অধিবেশন পূৱ হিমালয় প্ৰকৃতিবিজ্ঞান মঞ্চ
- Sberbank & NSE Launch First‑India Nifty 50 Fund, Giving Russian Retail Investors Direct Access to India’s Equity Market
- NSE Strengthens MSME Ecosystem in Jammu & Kashmir Through Strategic MoU
- এইচ ডি এফ চি বেংকে ৫ ডিচেম্বৰত ১৭ সংখ্যক বাৰ্ষিক ৰক্তদান অভিযান আয়োজন কৰিব
- APRINS Launches Skill Development Training Program on GI-Tagged Mizo Chilli Pickle and Banana Chips Making in Sesawng, Mizoram under LIC HFL SANGAM initiative
- এছ এছ বি আন্তঃসীমা বেডমিণ্টন ক্লাষ্টাৰ প্ৰতিযোগিতা – ২০২৫ আৰম্ভ
- National Level IP Yatra Programme to be Held in Shillong on 27th–28th November 2025
- প্ৰয়াত গীতিকাৰ লক্ষ্য বৰকটকীৰ সোঁৱৰণী ৰেডিঅ’ বিতৰণী অনুষ্ঠান সম্পন্ন
- পপ কালচাৰৰ আকৰ্ষণীয় উদযাপনেৰে গুৱাহাটী কমিক কনৰ উদ্ধোধনী অনুষ্ঠান অনুষ্ঠিত
- ওপজা দিনত মালিগাঁৱত অন্তৰংগ আলাপ আৰু গীতে – মাতে জুবিন গাৰ্গক সোঁৱৰণ