ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠান আৰু গৱেষণা প্ৰতিষ্ঠানৰ লগতে অসমৰ পূব প্ৰান্তৰ উচ্চ শিক্ষাৰ অন্যতম বাটকটীয়া,বৌদ্ধিক পীঠস্থান ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নোবেল বঁটা বিজয়ী ভাৰতীয় পদাৰ্থবিজ্ঞানী চাৰ চি. ভি. ৰমনৰ উদ্ভাৱনৰ প্ৰতি সন্মান জনাই ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয় গৱেষক ছাত্ৰ সংস্থা চমুকৈ DURSA ই বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহযোগত আয়োজন এই মননশীল অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ কেইবাজনো অধ্যাপক-অধ্যাপিকা, গৱেষক ছাত্ৰ-ছাত্ৰী আৰু যথেষ্ট সংখ্যক বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। মূলতঃ দুটা পৰ্যায়ত অনুষ্ঠিত কৰা উক্ত অনুষ্ঠানৰ প্ৰথমটি পৰ্যায়ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প’ষ্টাৰ আৰু বিজ্ঞানভিত্তিক মডেল প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। ২০২৩ বৰ্ষৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ মূল বিষয়ক বিষয়বস্তু হিচাপে লৈ আয়োজিত কৰা প্ৰতিযোগিতাসমূহত অংশগ্ৰহণকাৰীৰ সৃজনীশীলতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাসমূহত বিচাৰক হিচাপে উপস্থিত থাকে বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড° মহম্মদ কে. জামান, ড° পংকজ চেতিয়া আৰু সহকাৰী অধ্যাপক ড° সুব্ৰত সিংহা আৰু ড° বৰ্ষা মেচ দাস। আনহাতে গৱেষক ছাত্ৰ সংস্থাৰ সভাপতি অনিল মিলিৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী অৰ্থাৎ মূল সভাত বিশ্ববিদ্যালয়ৰ ৰিচাৰ্ছ এণ্ড ডেভেল্পমেন্টৰ ডীন অধ্যাপক ড° দীপক চেতিয়া, চায়েন্স এণ্ড ইঞ্জিনীয়াৰিঙৰ ডীন অধ্যাপক ড° এচ. চি. কাকতিৰ লগতে ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ড° গীতিকা বৰাও উপস্থিত থাকে। সভাৰ মুখ্য অতিথি CSIR-NCL ৰ জ্যেষ্ঠ বিজ্ঞানী, জে. চি. বোস নেচনেল ফেল’ ড° অনিল কুমাৰৰ ব্যক্তব্যই অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মনত বিজ্ঞানৰ প্ৰতি আগ্ৰহ বঢ়াবলৈ সক্ষম হয়। উক্ত সভাতে সুদূৰ চেক গণৰাজ্যৰ বিজ্ঞানী প্ৰফেচৰ পিটাৰ স্পাটেঙ্কা আৰু আমেৰিকাৰ চিনটিনাটিৰ বিজ্ঞানী অসমৰ সু-সন্তান ড° বাবুল বৰা উপস্থিত থাকি ছাত্ৰ-ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞান-শিক্ষাৰ প্ৰাসংগিকতাৰ কথা ব্যক্ত কৰে। অনুষ্ঠানৰ শেষৰফালে প্ৰতিযোগিতাৰ বিজয়ীসকলক মানপত্ৰ আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হয়। গৱেষক ছাত্ৰ সংস্থাৰ সাধাৰণ সম্পাদক বিবেকানন্দ গগৈয়ে আগবঢ়োৱা শলাগৰ শৰাইৰ পিছতেই সাফল্যমণ্ডিত অনুষ্ঠানটোৰ সাক্ষ্য বহন কৰিব পৰাকৈ সকলোৰে উপস্থিতিত বিশ্ববিদ্যালয়ৰ চৌহদত দুটা গছ পুলিও ৰোপন কৰা হয়।
Trending
- On 79th Independence Day, NSE Chief Ashishkumar Chauhan Wishes the Nation Progress and Prosperity
- এন ই ফ’কাচ ডট কমৰ নৱম বৰ্ষপুৰ্তিৰ উদযাপন
- সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮২সংখ্যক কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ
- সৰুসজাই ষ্টেডিয়ামত ১১হেজাৰ শিল্পীয়ে পৰিবেশন কৰিব বড়ো লোক নৃত্যানুষ্ঠান ‘বাগৰুম্বা দ’হৌ
- আই আই টি গুৱাহাটী আৰু বালিপাৰা ফাউণ্ডেচনৰ মাজত বুজাবুজি চুক্তি-পূৱ হিমালয়ৰ পৰিৱেশ সংৰক্ষণ, শক্তি আৰু জল সুৰক্ষাৰ বাবে নতুন উদ্ভাৱন নীতিত কাম কৰাৰ লক্ষ্য
- স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ (ম)জিলা প্ৰশাসনৰ সভা
- টপচেম চিমেণ্ট আৰু ভাৰতীয় ৰেডক্ৰচ ছছাইটিয়ে যৌথভাবে ৰক্তদান শিবিৰ আয়োজন
- এইচডিএফচি বেংকে এপিকে জালিয়াতিৰ বিৰুদ্ধে নাগৰিক সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ সতৰ্কবাণী জাৰি কৰিছে
- ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈক সশ্ৰদ্ধ স্মৰণ কামৰূপ (ম) জিলা প্ৰশাসনৰ
- NSE CROSSES 230 MILLION INVESTOR ACCOUNTS, RETAIL PARTICIPATION SOARS