ডিব্ৰুগড়-তিনিচুকীয়াত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

0 230

অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা ভ্ৰমণ কৰি কেইবাটাও স্থানত ব্ৰহ্মপুত্ৰ নদীয়ে সৃষ্টি কৰা খহনীয়া ৰোধৰ বাবে বিভাগে চলাই থকা কামসমূহৰ প্ৰত্যক্ষ বুজ লয় । মন্ত্ৰীগৰাকীয়ে প্ৰথমতে ডিব্ৰুগড়ৰ চাবুৱা সমষ্টিৰ অন্তৰ্গত মুলুকগাঁও অঞ্চলৰ টেঙাবাৰী ঘাটত উপস্থিত হৈ ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগৰ অধীনত চলি থকা কামসমূহৰ বুজ লয় । ইতিমধ্যে বৃহত্তৰ মুলুকগাঁও আৰু দিনজান অঞ্চলত নদী খহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগৰ অধীনত কেইবাটাও প্ৰকল্পৰ কাম চলি আছে ।

পাছত মন্ত্ৰীগৰাকীয়ে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক বলীন চেতিয়াৰ সৈতে শদিয়া সমষ্টিৰ অন্তৰ্গত ফেলাই আৰু হাতীখুলি অঞ্চলত উপস্থিত হৈ ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া ৰোধৰ বাবে চলি থকা কামসমূহৰ বুজ লয় । উল্লেখনীয় যে বিগত বৰ্ষত জলসম্পদ বিভাগৰ মন্ত্ৰী হিচাবে দায়িত্ব লোৱাৰ পাছত মন্ত্ৰী পীযুষ হাজৰীকাই তৃতীয়বাৰৰ বাবে অঞ্চলটোত উপস্থিত হৈ খহনীয়া অধ্যুষিত স্থানসমূহৰ বুজ লয় । ইতিমধ্যে খহনীয়া ৰোধৰ বাবে কাম কৰা অঞ্চলসমূহত খহনীয়া ৰোধ কৰিব পৰা হৈছে যদিও নতুন কেইটামান স্থানত পুনৰ খহনীয়া হোৱাত জলসম্পদ বিভাগে অস্থায়ী প্ৰতিৰোধৰ কাম কৰি আছে । আজিৰ পৰিদৰ্শনকালত মন্ত্ৰী হাজৰীকাই অস্থায়ী কামৰ বাবে জিঅ’ জাম্ব’ বেগৰ কিছু নাটনি হোৱা বুলি জানিব পাৰি জৰুৰীভাৱে ২৫০০ জাম্ব’ বেগৰ ব্যৱস্থা কৰে ।

আনহাতে হাতীখুলি আৰু ফেলাই অঞ্চলত এছিয়ান ডেভেলপমেণ্ট বেংকৰ অধীনত খহনীয়া ৰোধৰ বাবে ইতিমধ্যেই পুঁজি আৱন্টন কৰা হৈছে আৰু পৰৱৰ্তী সময়ত অঞ্চল দুটাত খহনীয়া ৰোধৰ স্থায়ী কাম আৰম্ভ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ।

পাছত মন্ত্ৰীগৰাকীয়ে শদিয়াৰ কুণ্ডিল নদীত চলি থকা নদী খনন কাৰ্য পৰিদৰ্শন কৰি বিভাগীয় অভিযন্তাৰ পৰা ভৱিষ্যতে হাতত হ’ব লগা কাৰ্যসমূহৰ বুজ লয় ।

Leave A Reply

Your email address will not be published.