ডেভেলপমেণ্ট ডিজিটেলি গ্রুপ নামৰ ৱাটচআপ গোটৰ উদ্যোগত ২০ ফেব্ৰুৱাৰী তাৰিখে সন্ধিয়া ৭বজাত এখন বিনামূলীয়া অনলাইন কেৰিয়াৰ কৰ্মশালা অনুষ্ঠিত হয় । ৱাটচআপ গোটটোৰ প্রশাসক বিমল বৰাই শুভাৰম্ভণি কৰা কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই । কৰ্মশালাখনত ড° বুঢ়াগোহাঁয়ে কেৰিয়াৰ সম্পৰ্কীয় দিহা-পৰামৰ্শ আগবঢ়ায় । তেওঁ কৰ্মশালাখনত অংশগ্রহকাৰীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে প্ৰতি শনিবাৰে বিয়লি ৬বজাৰৰ পৰা ৯বজালৈ ফোনযোগে (৯৪৩৫১৮৮৬৩০) আগবঢ়োৱা কেৰিয়াৰ পৰামৰ্শৰ বিষয়েও অৱগত কৰে । ডেভেলপমেণ্ট ডিজিটেলি গ্রুপৰ বিষয়ে জানিবৰ বাবে আগ্রহীসকলে ই-মেইল [email protected]ত যোগাযোগ কৰিব পাৰে। কৰ্মশালাখনত ডেভেলপমেণ্ট ডিজিটেলি গ্রুপৰ সদস্য সমীৰণ ৰাজ বড়োয়ে শলাগৰ শৰাই আগবঢ়ায়।
Trending
- ৰূপহীত বিশ্ব ৰেডিঅ’ দিৱস উদযাপন শিল্পী মিলেশ্বৰ ডেকালৈ লোকশিল্পী -২০২৫ বঁটা প্ৰদান
- অসম আৰু উত্তৰ পূৰ্বাঞ্চলত টপচেম এচ ডি চি এফ টি আৰ ++ চিমেন্ট মুকলি
- এন ই ফ’কাছৰ পদক্ষেপ, গুৱাহাটীত জলবায়ু পৰিবৰ্তন সম্পৰ্কীয় সন্মিলন
- DoHUA Minister Jayanta Mallabaruah Launches Online Building Permission System (OBPS) for Faster and Transparent Approvals
- সৰুসজাই ষ্টেডিয়ামত ঝুমইৰ বিনন্দিনী অনুষ্ঠানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ
- Nefocus initiative:climate change summit Held in Guwahati
- Strengthening Investor Awareness and Investor Protection in North East Region
- উত্তৰ পূৱ মণ্ডল আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ তিনিটাকৈ স্বৰ্ণ পদক লাভ
- অসমত বিনিয়োগকাৰীসকলৰ সজাগতা আৰু সুৰক্ষাক দৃঢ়কৰণ
- গোপাল জালানৰ অসুখী পৃথিৱীত সুখী হোৱাৰ বাসনা