মহানগৰীৰ যানবাহন কৰ অনাদায়কাৰী চাৰিকুৰিৰো অধিক বিভিন্ন উদ্যোগ-প্ৰতিষ্ঠান, নিৰ্মাণকাৰী সংস্থাৰ লগতে ব্যক্তিগত আৰু ব্যৱসায়িক যান-বাহনৰ মালিকৰ ঘৰে ঘৰে মঙলবাৰে সোমাল পৰিবহণ বিভাগৰ দল। সময়মতে যান-বাহন কৰ আদায় নিদিয়াৰ ফলত কোনো মালিক-প্ৰতিষ্ঠানেই যাতে অধিক কৰৰ বোজা বহন কৰি সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ বাবে সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে প্ৰথমৰ পৰাই বিভাগৰ বিষয়া-কৰ্মীসকলক চোকা দৃষ্টি ৰাখিবলৈ আহ্বান জনায়। প্ৰয়োজন হ’লে ঘৰে ঘৰে গৈ হ’লেও যান-বাহন ব্যৱহাৰকাৰীক এই সন্দৰ্ভত সজাগ কৰি সহযোগিতা আগবঢ়াবলৈ সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে জনোৱা আহ্বানত বিভাগৰ দলে যোৱা দিনবোৰত অভিযান অব্যাহত ৰাখিছে। সহকাৰী পৰিবহণ আয়ুক্ত তথা কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ দায়িত্ববাহী গৌতম দাসৰ তত্বাৱধানত যানবাহন পৰিদৰ্শক কানাই মহন্ত আৰু কাৰ্যালয় সহযোগী সিদ্ধেশ্বৰ ৰাংহাঙে মঙলবাৰে পল্টন বজাৰ, বিৰুবাৰী, ৰিহাবাৰী, ভঙাগড়ৰ বৃহৎ অঞ্চলৰ কৰ অনাদায়ীক ৮৯খন ডিমাণ্ড নটিছ প্ৰেৰণ কৰি সময়মতে যানবাহনৰ বকেয়াসহ সকলো কৰ আদায়ৰ আহ্বান জনায় । উল্লেখ্য যে এই ৮৯খন জাননীৰ বিপৰীতে কৰ অনাদায়কাৰী সকলে বকেয়াসহ ডেৰ কোটিৰো অধিক টকাৰ যান-বাহন কৰ আদায় দিবলৈ আছে পৰিবহণ বিভাগক৷
Trending
- ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱসৰ দিনা বেংগালুৰু আৰু গুৱাহাটীত এইচ ডি এফ চি বেংকৰ ষ্টাৰ্টআপ লাউঞ্জ মুকলি
- Nefocus initiative-Seismic Safety Conclave
- 12th Inter-District Roller Skating Championship by APRINS in Guwahati from Jan 10 with the Theme From Turf to Table
- এইচ ডি এফ চি বেংক স্মাৰ্টগেটৱে পেমেণ্ট প্লেটফৰ্মে চিবিডিচি (ডিজিটেল টকা) একত্ৰিত কৰে
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ঘোষণা ; মাঘ বিহুৰ উৰুকাৰ সময়লৈ শীত প্ৰৱাহ অব্যাহত থকাৰ সম্ভাবনা
- বিভিন্ন ৰাষ্ট্ৰীয়–আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘শিপা-ঝাৰ’ তথ্যচিত্ৰৰ উজ্জ্বল সফলতা
- 40 High‑Speed Inflatable Boats Handed Over to Fire & Emergency Services
- আকাশত মাজে সময়ে সূৰুয দেৱতাই ভুমুকি মাৰিলেও অব্যাহত থাকিব শীতৰ প্ৰকোপ
- মহানগৰীৰ পশ্চিম প্ৰান্তৰ ধাম-মন্দিৰত বিৰ-দি-বাট নোপোৱা পৰিৱেশ -নৱবর্ষক আদৰিবলৈ উদগ্ৰীৱ অধিকাংশ ভক্তপ্ৰাণ ৰাইজ
- কামৰূপ (ম) জিলাত পহিলা জানুৱাৰীৰ পৰা ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ বিস্তৃত কাৰ্যসূচী-জিলা পথ সুৰক্ষা সমিতিক গুৱাহাটী শোধনাগাৰে প্ৰদান কৰিলে পথ সুৰক্ষা সজাগতা বাহন