মহানগৰীৰ যানবাহন কৰ অনাদায়কাৰী চাৰিকুৰিৰো অধিক বিভিন্ন উদ্যোগ-প্ৰতিষ্ঠান, নিৰ্মাণকাৰী সংস্থাৰ লগতে ব্যক্তিগত আৰু ব্যৱসায়িক যান-বাহনৰ মালিকৰ ঘৰে ঘৰে মঙলবাৰে সোমাল পৰিবহণ বিভাগৰ দল। সময়মতে যান-বাহন কৰ আদায় নিদিয়াৰ ফলত কোনো মালিক-প্ৰতিষ্ঠানেই যাতে অধিক কৰৰ বোজা বহন কৰি সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ বাবে সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে প্ৰথমৰ পৰাই বিভাগৰ বিষয়া-কৰ্মীসকলক চোকা দৃষ্টি ৰাখিবলৈ আহ্বান জনায়। প্ৰয়োজন হ’লে ঘৰে ঘৰে গৈ হ’লেও যান-বাহন ব্যৱহাৰকাৰীক এই সন্দৰ্ভত সজাগ কৰি সহযোগিতা আগবঢ়াবলৈ সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে জনোৱা আহ্বানত বিভাগৰ দলে যোৱা দিনবোৰত অভিযান অব্যাহত ৰাখিছে। সহকাৰী পৰিবহণ আয়ুক্ত তথা কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ দায়িত্ববাহী গৌতম দাসৰ তত্বাৱধানত যানবাহন পৰিদৰ্শক কানাই মহন্ত আৰু কাৰ্যালয় সহযোগী সিদ্ধেশ্বৰ ৰাংহাঙে মঙলবাৰে পল্টন বজাৰ, বিৰুবাৰী, ৰিহাবাৰী, ভঙাগড়ৰ বৃহৎ অঞ্চলৰ কৰ অনাদায়ীক ৮৯খন ডিমাণ্ড নটিছ প্ৰেৰণ কৰি সময়মতে যানবাহনৰ বকেয়াসহ সকলো কৰ আদায়ৰ আহ্বান জনায় । উল্লেখ্য যে এই ৮৯খন জাননীৰ বিপৰীতে কৰ অনাদায়কাৰী সকলে বকেয়াসহ ডেৰ কোটিৰো অধিক টকাৰ যান-বাহন কৰ আদায় দিবলৈ আছে পৰিবহণ বিভাগক৷
Trending
- Strengthening Investor Awareness and Investor Protection in North East Region
- উত্তৰ পূৱ মণ্ডল আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ তিনিটাকৈ স্বৰ্ণ পদক লাভ
- অসমত বিনিয়োগকাৰীসকলৰ সজাগতা আৰু সুৰক্ষাক দৃঢ়কৰণ
- গোপাল জালানৰ অসুখী পৃথিৱীত সুখী হোৱাৰ বাসনা
- Assam CM meets Prime Minister; thanks PM for a new urea plant
- খানাপাৰাত ‘এডভান্টেজ অসম’ৰ প্ৰস্তুতিৰ বুজ ললে উদ্যোগ মন্ত্ৰী বিমল বড়াই
- মন্ত্ৰী অশোক সিংহল আৰু ৰূপেশ গোৱালাৰ উপস্থিতিত জনতা ভৱনত স্বাস্থ্য, শ্ৰমিক কল্যাণ তথা চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ যুটীয়া বৈঠক অনুষ্ঠিত
- সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ জন্মদিনত কৃষক মেল
- Union Budget 2025 is Growth oriented and people centric”, says Mr Ashishkumar Chauhan, MD & CEO NSE
- পৰিবহণ বিভাগৰ উদ্যোগত আৰম্ভ হ’ল বিশেষ জনসেৱা কাৰ্যসূচী-সুৰক্ষিত যাতায়াতৰ লক্ষ্যৰে বহুজাতিক উদ্যোগ-প্ৰতিষ্ঠানত উপস্থিত হৈ সমাধান কৰিলে বাহনৰ নথিপত্ৰ বিষয়ক সমস্যা