বিজেপি বিধায়িনী দলৰ তথা মিত্ৰজোঁটৰ নেতা হিচাপে নিৰ্বাচিত হোৱা ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। এই সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা জ্যোষ্ঠ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য ই সদৰি কৰা এক বিবৃতিত কয় যে, অহাকালি ৰাজ্যখনৰ পৰবৰ্তী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ লগতে দায়িত্ব গ্ৰহণ কৰিবলগীয়া ড০ শৰ্মাৰ প্ৰতি আমাৰ আন্তৰিক শুভেচ্ছা যাঁচিলো আৰু পৰবৰ্তী কালত ৰাজ্য খনৰ সকলো উন্নয়নমূলক কামত যোগাত্মক সহযোগিতা অব্যাহত থাকিব। ইয়াৰোপৰি সাম্প্ৰতিক সময়ত ক’ভিড মহামাৰী সৃষ্ট পৰিস্থিতিৰ মোকাবিলা কৰাৰ লগতে জনসাধাৰণৰ জীৱন আৰু জীৱিকা সুৰক্ষিত ৰাখিবলৈ গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপতে আমাৰ দলৰ লগতে মহাজোঁটৰ অংশীদাৰ সকলো দলৰে সমৰ্থন অব্যাহত থাকিব বুলি এক প্ৰেছ বিবৃতি যোগে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰই জানিবলৈ দিছে।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন