ঢকুৱাখনাত ক`ভিড ১৯ সংশোধিত কৰ্মসূচী সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত

0 233

মাৰাত্মক অতিমাৰী কভিড ১৯ৰ  সন্ত্ৰাস ঢকুৱাখনা মহকুমাত অদ্যপি অব্যাহত আছে। কেৱল ক`ভিডৰ  দ্বিতীয় ঢৌৰ কবলত  পৰি মহকুমাটোৰ ৯ গৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ পাছতো জন সচেতনতা ৰাইজৰ মাজত বৃদ্ধি পোৱা নাই । প্ৰধানকৈ ক`ভিড ভেকচিন গ্ৰহণৰ ক্ষেত্ৰত নাগৰিকৰ মাজত উদ্ভৱ হোৱা  উদাসীনতাক সচেতন নাগৰিকৰ লগতে  স্বাস্থ্য বিভাগ সচেতন হৈ পৰিছে।  গাঁৱৰ ৰাইজৰ মাজত বিশেষ ভাবে দেখা দিয়া ক`ভিড ভেকচিন গ্ৰহণৰ প্ৰতি  এনে  আওকণীয়া  মনোভাবৰ পৰিপ্ৰেক্ষিতত  সোমবাৰে   ঢকুৱাখনা খণ্ড স্বাস্থ্য বিভাগে সজাগতা সভা অনুষ্ঠিত কৰে । ঢকুৱাখনা উন্নয়ন খণ্ডৰ অন্তৰ্গত  শিঙিয়া পঞ্চায়তৰ কাৰ্যালয়ত  সমূহ পঞ্চায়ত প্ৰতিনিধিৰ উপস্থিতিত এই সজাগতা সভা অনুষ্ঠিত কৰা হয় ।  লখিমপুৰ জিলাৰ ৰাষ্ট্ৰীয়  স্বাস্থ্য অভিযানৰ জিলা আঁচনি প্ৰবন্ধক  দেবাংগ বিকাশ গগৈ , জিলা  মেডিয়া সম্প্ৰসাৰণ বিষয়া মাধৱ ফুকন , মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ মনেশ্বৰ সোণোৱাল , ঢকুৱাখনা খণ্ড আঁচনি প্ৰবন্ধক সত্যম কুমাৰ চাহুৱে অংশ গ্ৰহণ কৰা  সভাৰ সভাপতিত্ব কৰে শিঙিয়া পঞ্চায়তৰ সভাপতি কৰিশ্মা গগৈয়ে । ঢকুৱাখনা উন্নয়ন খণ্ডৰ অধীনৰ বিভিন্ন পঞ্চায়তৰ গ্ৰামাঞ্চল সমূহত প্ৰয়োজনৰ স্বাৰ্থত  ঘৰে ঘৰে  স্বাস্থ্য কৰ্মী সকল গৈ মাৰাত্মক ক`ভিডৰ পৰা পৰিত্ৰাণ দিয়াৰ বাবে স্বাস্থ্য বিভাগে বিনামূলীয়াকৈ যোগান ধৰা ভেকচিন লোৱাৰ বাবে এক জনসজাগতা সৃষ্টিত  পঞ্চায়ত প্ৰতিনিধি সকলৰ সহযোগিতা কামনা কৰে । জন সজাগতাইহে এই মাৰাত্মক ৰোগ নিয়ন্ত্ৰণ কৰিব বুলি স্বাস্থ্য বিভাগে মন্তব্য কৰি  গৰ্ভৱতী মহিলা , যিকোনো সাধাৰণ ৰোগীয়েও এই  ভেকচিন ল`ব প পাৰিব ।  গাঁৱৰ ৰাইজে এই ক্ষেত্ৰত অনীহাৰ বাবেই প্ৰায় ২৫ শতাংশ ব্যক্তিৰ টিকাকৰণ সম্ভৱ হোৱা নাই বুলি কৈ  প্ৰতিনিধি সকলক ক`ভিড নিৰ্মূল অভিযানৰ অগ্ৰণী যোদ্ধা হিচাপে  অংশ লৈ  নিজ নিজ এলেকাৰ ৰাইজক এই টিকাকৰণৰ সুবিধা লোৱাৰ বাবে  সন্মত কৰাবলৈ ব্ৰতী হোৱাৰ আহ্বান জনায়। সভাত  সৰলা পেগু , মীনা দলে , দেৱেশ্বৰ পেগু , হেপি মণি গগৈ আদি বহু কেইগৰাকী পঞ্চায়ত প্ৰতিনিধিয়েও বক্তব্য ৰাখি  স্বাস্থ্য বিভাগৰ সতে ঐক্যবদ্ধ হৈ  সজাগতা সৃষ্টিত ব্ৰতী হ`ব বুলি নিশ্চয়তা প্ৰদান কৰে।
বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.