ঢকুৱাখনাত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ  প্ৰতিষ্ঠা দিৱস পালন   

0 246

ৰাজ্যখনৰ ভূমিপুত্র কোচ ৰাজবংশীয় নাগৰিকৰ  সংগ্ৰামী ছাত্ৰ সংগঠন সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ অন্তৰ্গত  ঢকুৱাখনা মহকুমা কোচ ৰাজবংশী ছাত্ৰ সন্থাই ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱসটো বৃহস্পতিবাৰে ঢকুৱাখনাত  পালন কৰে ।  মহকুমাটোৰ  পশ্চিম মাছখোৱা অঞ্চলৰ  জ্ঞানোদয় উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগনত দিন জোৰাকৈ ছাত্ৰ সংগঠনটোৰ প্ৰতিষ্ঠা দিৱসটো ক`ভিড বিধি নিয়ম মানি উদযাপন কৰা হয়। আক্ৰাছুৰ মহকুমা সমিতিৰ উদ্যোগত আয়োজিত প্ৰতিষ্ঠা দিৱসৰ পুৱা  ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে মহকুমা সমিতিৰ সভাপতি দেৱ কৃষ্ণ কোচে । পৰৱৰ্তী সময়ত প্ৰতিকৃৰ্তিত মাল্যাপৰ্ণ কৰে ঢকুৱাখনা জিলা আক্ৰাছুৰ প্ৰাক্তন সদস্য ভবেন খাটনিয়াৰে।
দিৱসৰ বন্তি প্ৰজ্বলন আৰু শ্বহীদ তৰ্পণ  কৰে মহকুমা সমিতিৰ কাৰ্যালয় সম্পাদক মৃণাল কোচে ।  ঢকুৱাখনা জিলা কোচ ৰাজবংশী সন্মিলনীৰ  সংগঠনিক সম্পাদক ৰূপম কোচ , আক্ৰাছুৰ  ঢকুৱাখনা মহকুমা  সম্পাদক মানস প্ৰতিম কোচ , কোচ ৰাজবংশীয় গৰিষ্ঠ সংখ্যক নাগৰিকৰ সহযোগিতাত অনুষ্ঠিত  অনুষ্টুপিয়া প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মহকুমা নেতৃত্বই স্বজাতিৰ নাৰ্য প্ৰাপ্য ,কোচ ৰাজবংশী সকলক জনগোষ্ঠীৰ মৰ্য্যদা আদায়ৰ অবিহনে  আক্ৰাছুৰ  সংগ্ৰামী ধাৰা স্তব্ধ নহয় বুলি মত ব্যক্ত কৰি  এখন প্ৰগতিশীল আৰু আত্মনির্ভৰশীল  সমাজ গঠনৰ স্বাৰ্থত আক্ৰাছুৱে আগন্তুক সময়ত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ  ইতিবাচক পদক্ষেপ  কামনা কৰে ।  ভূমিপুত্ৰ কোচ জনগোষ্ঠীৰ সংবিধান প্ৰদত্ত অধিকাৰ আজুৰি আনিবলৈ  গণ সংগ্ৰামৰ বিকল্প নাই বুলি মত ব্যক্ত কৰি নেতৃবৰ্গই এই প্ৰাপ্য বিচৰা গণতান্ত্ৰিক সংগ্ৰামখনত সৰ্বশ্ৰেণী নাগৰিকৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰে । আজিৰ প্ৰতিষ্ঠা দিৱসত  চুবুৰীয়া ৰাজ্য মিজোৰাম আৰক্ষীৰ একপক্ষীয় বৰ্বৰ আক্ৰমণক ধিক্কাৰ দি শ্বহীদ হোৱা  বীৰ জোৱান সকলৰ আত্মাৰ সদ্গতিৰ অৰ্থে মৌন প্ৰাৰ্থনা জনোৱা হয়।
বাতৰি যুগুতালে ঢকুৱাখনাৰ অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.