কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগৰ উদ্যোগত খানাপাৰাত চালক , পৰিচালক, হেণ্ডিমেন আৰু পৰিয়ালৰ লোকৰ বাবে ক’ভিড ভেকচিন শিবিৰ অনুষ্ঠিত

0 257

ক’ভিড মহামাৰীৰ বাবে ৰাজ্যৰ পৰিবহন খণ্ডত বিৰূপ প্ৰভাৱ পৰিছে । তথাপি তাৰ মাজতো পৰিবহন খণ্ডটোৰ লগত জড়িত লোক বিশেষকৈ চালক , পৰিচালক আৰু হেণ্ডিমেনৰ লগতে তেওঁলোকৰ পৰিয়ালৰ লোকসকলে ক’ভিডৰ বিৰূদ্ধে যুঁজ দিব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগে বিভিন্ন স্বেচ্ছাসেৱী সংগঠন , অনা চৰকাৰী সংস্থা বা এন জি অৰ সহযোগত ক’ভিড প্ৰতিষেধক শিবিৰ অনুষ্ঠিত কৰা কাম আৰম্ভ কৰিছে । ইয়াৰ অংশহিচাপে কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগে কুইৰেনছিয়া নামৰ এন জি অৰ সহযোগত আজি জি এছ ৰোডৰ খানাপাৰাত এটা ক’ভিড ভেকচিন শিবিৰ অনুষ্ঠিত কৰে । শিবিৰ মুকলি কৰে কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহন বিষয়া ( পঞ্জীয়ন আৰু অনুজ্ঞা ) গৌতম দাসে । এই উপলক্ষে কামৰূপ মহানগৰ জিলাৰ জ্যেষ্ঠ যান বাহন পৰিদৰ্শক কানাই মহন্তই আঁত ধৰা চমু অনুষ্ঠানত জিলা পৰিবহন বিষয়া গৌতম দাসে ক’ভিড মহামাৰীয়ে সমগ্ৰ বিশ্বত প্ৰায় ডেৰ বছৰ ধৰি কেনে ধৰণৰ ভয়াৱহতাৰ সৃষ্টি কৰিছে তাৰ আলোকপাত কৰে আৰু ভেকচিন গ্ৰহনেই একমাত্ৰ বিকল্প বুলি সদৰি কৰে । অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহন বিষয়াদ্বয় ৰফিকুল ইছলাম আৰু হিমাংশু দাস , কুইৰেনছিয়াৰ অধ্যক্ষ জয়ন্ত মাধৱ দাসে চমু ভাষণত এনে ধৰণৰ শিবিৰত ভেকচিন গ্ৰহণ কৰাৰ বাবে আগবাঢ়ি আহিবলৈ চালক , পৰিচালক হেণ্ডিমেন আৰু তেওঁলোকৰ পৰিয়ালৰ লোকক আহ্বান জনায় । আনহাতে শিবিৰত প্ৰায় ৪০০ জন লোকক ভেকচিন প্ৰদান কৰা হয় ।

Leave A Reply

Your email address will not be published.