কেবিনেট বৈঠকত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিল

0 272

অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহ ণ কৰিছে সেই সমূহ হ`ল
আৰক্ষী আয়োগ গঠনঃ
★অসমৰ আৰক্ষী ব্যৱস্থা শক্তিশালী কৰাৰ বাবে ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া হিমাংশু শেখৰ দাস আৰু প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান পি ভি সুমন্তৰ নেতৃত্বত তিনি মাহৰ কাৰণে এক আৰক্ষী আয়োগ গঠনৰ সিদ্ধান্ত গ্রহণ। দুয়োগৰাকী বিষয়াকে এই সময়ছোৱাৰ বাবে মুখ্য সচিবৰ পদ মৰ্যাদা প্ৰদান।
অসম আৰক্ষীত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভঃ
★ অসম চৰকাৰৰ ১ লাখ নিবনুৱা নিযুক্তিৰ লক্ষ্যৰ দিশত প্ৰাথমিক পদক্ষেপ হিচাপে অসম আৰক্ষীত খালী হৈ থকা ১৫ হাজাৰ পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সিদ্ধান্ত গ্রহণ।
নতুন আৰক্ষী বেটেলিয়নঃ
★ ৰাজ্যৰ নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰাৰ পাঁচটা নতুন আৰক্ষী বেটেলিয়ন গঠনেৰে ৬,২৭০ গৰাকী যুৱক যুৱতীক নিযুক্তি।
বিভাগৰ একত্রিকৰণঃ
★মুদ্রণ আৰু লেখন সামগ্রী বিভাগক তথ্য আৰু জনসংযোগ বিভাগৰ সৈতে একত্র কৰি তথ্য, জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্রী বিভাগ হিচাপে নামকৰণ ।
★ৰাজহুৱা প্ৰতিষ্ঠান বিভাগক উদ্যোগ আৰু বাণিজ্য বিভাগৰ লগত সংলগ্নকৰণ।
★ পাৰপত্ৰ বিভাগক গৃহ বিভাগৰ লগত সংলগ্নকৰণ।
বৰ্ধিত ক্ৰীড়া পেঞ্চনঃ
★ক্ৰীড়া পেঞ্চন ধনৰাশিৰ পৰিমাণ ৮,০০০ টকাৰ পৰা ১০,০০০ টকালৈ বৃদ্ধিৰ সিদ্ধান্ত।
★ কমনৱেলথ গেমছ আৰু ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক প্ৰাপ্ত সকলক এতিয়াৰে পৰা অতিৰিক্ত ভাৱে ক্ৰীড়া পেঞ্চন প্ৰদান কৰা হ’ব।
পদক বিজয়ী খেলুৱৈৰ নিযুক্তিঃ
★অলিম্পিক, কমনৱেলথ আৰু এছিয়ান গেমছত পদক লাভ কৰা খেলুৱৈ লৈ প্রথম শ্রেণীৰ চাকৰি।
★ স্বীকৃতি প্ৰাপ্ত ৱৰ্ল্ড চেম্পিয়নশ্বিপসমূহত পদক লাভ কৰা খেলুৱৈ লৈ দ্বিতীয় শ্ৰেণীৰ চাকৰি।
★নেশ্যনেল গেমছত পদক লাভ কৰা খেলুৱৈ লৈ তৃতীয় শ্ৰেণীৰ চাকৰি।
অন্যান্য সিদ্ধান্তসমূহঃ
★ৰাজ্য চৰকাৰে নতুনকৈ গঠন কৰা স্বায়ত্তশাসিত পৰিষদ সমূহৰ অধ্যক্ষ, উপাধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী সদস্য সকলে এতিয়াৰে পৰা পূৰ্বৰ স্বায়ত্তশাসিত পৰিষদ সমূহৰ সৈতে সমহাৰৰ দৰমহা লাভ কৰিব ।
★ উত্তৰ-পূব মহাকাশ প্ৰয়োগ কেন্দ্রৰ সদ্য অৱসৰপ্ৰাপ্ত সঞ্চালক পি এন এল ৰাজুক অসম চৰকাৰে নতুনকৈ গঠন কৰিবলগীয়া আঞ্চলিক মহাকাশ প্ৰয়োগ কেন্দ্রৰ বিশেষ সচিব আৰু সঞ্চালক হিচাপে নিযুক্তি।
★গুৱাহাটী স্থিত চিকিৎসা প্ৰতিষ্ঠান শংকৰদেৱ নেত্ৰালয়ক চৰকাৰে আৱণ্টন দিয়া ভূমিৰ বাবদ প্ৰদান কৰিবলগীয়া প্ৰিমিয়াম ৰেহাই দিয়াৰ সিদ্ধান্ত গ্রহণ।

Leave A Reply

Your email address will not be published.