ঢকুৱাখনাত পৌৰ প্ৰশাসনৰ স্বচ্ছ ভাৰত অভিযান

0 264

দেশৰ ৭৫ সংখ্যক  স্বাধীনতা দিৱস তথা স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষত শনিবাৰে  ঢকুৱাখনা পৌৰ সভা এলেকাত  ঢকুৱাখনা পৌৰ সভাৰ উদ্যোগত আৰু মহকুমা প্ৰশাসনৰ সহযোগত স্বচ্ছ ভাৰত অভিযান চলোৱা হয়।  শনিবাৰে পুৱা ৭ বজাত মহকুমাধিপতি তথা পৌৰ সভাৰ কাৰ্যবাহী বিষয়া  গুৰনেইল সিং ,  সহকাৰী আয়ুক্ত মাচি তপ্ন ,  পৌৰ সভাৰ মুখ্য সহায়ক ৰেবত গগৈ , কণিষ্ঠ অভিযন্তা জিতেন বৰগোঁহাই , কাৰ্যালয় সহায়ক কৃষ্ণ শৰ্মাকে ধৰি  সকলো কৰ্মচাৰী নগৰ চাৰিআলিত উপস্থিত হৈ  নগৰাঞ্চলত ঝাড়ু মাৰি নিকাকৰণ কৰে।  মহকুমাধিপতি তথা কাৰ্যবাহী বিষয়া সিঙৰ নেতৃত্বত  পৌৰসভাৰ  বিষয়া কৰ্মচাৰী সমন্বিতে  সকলোৱে  নগৰৰ ৰাজপথ ,ব্যৱসায়িক এলেকা  আদিত হাতে হাতে ঝাড়ু লৈ  নিকাকৰণ কৰি স্বচ্ছতা আৰু পৰিচন্নতাপূৰ্ণ এখন সুস্থ, প্ৰদূষণ মুক্ত ঢকুৱাখনা গঢ়ি তোলাত ব্ৰতী হবলৈ নাগৰিক সমাজৰ প্ৰতি আহ্বান জনায়।
বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.