ঢকুৱাখনাত ৰাষ্ট্ৰীয় পোষণ মাহ২০২১ৰ শুভাৰম্ভণি

0 404

ৰাজ্যখনৰ সমাজ কল্যাণ বিভাগৰ অন্তৰ্গত  ঢকুৱাখনা সংহত শিশু উন্নয়ন প্ৰকল্পত বুধবাৰে  ৰাষ্ট্ৰীয় পোষণ মাহ ২০২১ ৰ শুভ উদ্ধোধন কৰা হয় । প্ৰকল্পটোৰ  ভাৰপ্ৰাপ্ত প্ৰকল্প বিষয়া তথা সহকাৰী আয়ুক্ত মাচি তপ্ন,পৰিসংখ্যা সহায়ক পংকজ কুমাৰ চৌধুৰী ,ব্লক সমন্নয়ক চিত্ৰজিত সোণোৱাল ,গাননিক অনিমা দলে, মুখ্য সেৱীকা  মিনু দাস , চিৰঞ্জীতা ভঁৰালী , পদ্মিনী দলে , কুঞ্জ কুটুম ,ৰিঞ্জু মণি হাজৰিকা ,জ্যোৎষ্ণা বৰা , বীনাপানি শইকীয়া  আদিৰ লগতে   অঙ্গনৱাডী কৰ্মী সকলৰ উপস্থিতিত পোষণ মাহৰ তাৎপৰ্য দাঙি ধৰে চিত্ৰজিত সোনোৱালে ।
পৰিসংখ্যা সহায়ক পংকজ কুমাৰ চৌধুৰীয়ে  আঁত ধৰা পোষণ মাহৰ কৰণীয়তা সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়াই সমন্নয়ক  সোনোৱালে ২০১৮ চনৰ পৰা   শিশুৰ শ্ৰী বৃদ্ধি  আৰু বিকাশৰ লক্ষ্যৰে  পালিত হৈ অহা  পোষণ মাহৰ উপৰিও  ভাটিকা সপ্তাহত কৰ্মী সকলে  গ্ৰহণ কৰিব লগা কৰ্মসূচী সন্দৰ্ভত ব্যাখ্যা আগবঢ়াই । সোনোৱালে প্ৰকল্পটোৰ  অন্তৰ্গত  অংগনৱাডী কেন্দ্ৰত খাদ্য বাগিচা পতা , প্ৰকল্পৰ পৰা ১০ খন আদৰ্শ বাগিচা  নিৰ্ধাৰিত কেন্দ্ৰত স্থাপন কৰাৰ পৰিকল্পনা , পৰৱৰ্তী সময়ত আয়ুস মন্ত্ৰালয়ৰ সহযোগত যোগাসন শিৱিৰ অনুষ্ঠিত কৰাৰ  পৰিকল্পনা সন্দৰ্ভত অৱগত কৰে।সভাত পৰিসংখ্যা সহায়ক পংকজ কুমাৰ চৌধুৰীয়ে ২০১৭ চনৰ পৰাই পালিত প্ৰধান মন্ত্ৰী মাত্ৰু বন্দনা  যোজনা সন্দৰ্ভত  বিশ্লেষণাত্মক বক্তব্য আগবঢ়াই আৰু প্ৰকল্পটোৰ অংগনৱাডী  কৰ্মী সকলক এই সপ্তাহত কৰণীয়তা সন্দৰ্ভত  দিক নিৰ্দেশনা দিয়ে । সভাত ভাৰপ্ৰাপ্ত প্ৰকল্প বিষয়া মাচি তপ্ন,  মিনু দাস আদিয়ে বক্তব্য ৰাখে।  সভাত উপস্থিত প্ৰকল্পটোৰ  অংগনৱাডী কৰ্মী সকলৰ লগতে জ্যেষ্ঠ মুখ্য সেৱিকা মিনু দাসৰ পোষণ মাহক লৈ ৰচিত  গীতে পৰিবেশ জীপাল কৰি তোলে। 
বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.