ঢকুৱাখনাৰ চেইণ্ট থমাছ স্কুলত বহাগীক আদৰণি

0 306

অসমীয়া জাতিৰ প্ৰাণস্পন্দন ৰঙালী বিহুৰ আগমনৰ প্ৰাকক্ষনত ঢকুৱাখনাৰ নামজ্বলা উচ্চ শিক্ষানুষ্ঠান চেইণ্ট থমাছ স্কুলত সোমবাৰে  আয়োজন কৰা হয় বহাগী আদৰণি অনুষ্ঠান। চেইণ্ট থমাছ বিদ্যালয় পৰিয়ালৰ উদ্যোগত সোমবাৰে  দুপৰীয়া বিদ্যালয় চৌহদত অনুষ্ঠিত কৰা হয় এই বহাগী আদৰণি উৎসৱ । বিদ্যালয়ৰ অধ্যক্ষ চেবি এম বেবীৰ উদ্যোগত বিদ্যালয়ৰ সমূহ  শিক্ষক কৰ্মচাৰী  একত্ৰিত হৈ প্ৰথমে বিদ্যালয় প্ৰৱেশ দ্বাৰৰ পৰা অসমীয়া জাতীয় সাজ পোছাক পৰিধান কৰি ঢোল ,পেঁপা,গগনা ,তালৰ
ছন্দোময় পৰিবেশৰ সৃষ্টিৰে  আগমন ঘটা  বিহুৱা বিহুৱতী ৰূপী  শিক্ষাৰ্থী সকলক  গুৱা পাণৰ শৰাইৰে আদৰি আনে  বিদ্যালয় চৌহদলৈ । শিক্ষাৰ্থী সকলৰ অভিভাৱক আৰু শুভাকাংক্ষী ৰাইজৰ উপস্থিতিত উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হোৱা বিদ্যালয় চৌহদত  পৰম্পৰাগত ৰীতি নীতিৰে  হুঁচৰি জোৰে শিক্ষাৰ্থী  সকলে । বিদ্যালয়ৰ অধ্যক্ষ আৰু সমূহ শিক্ষক শিক্ষয়িত্ৰীয়েও জাতিয় সাজ পোছাক পৰিধান কৰি বিহুনাম গাই ,বিহু নাচ নাচি একাত্ম হয় ৰঙালীৰ আদৰণি অনুষ্ঠানত । বিদ্যালয়ৰ শিক্ষক শিক্ষাৰ্থী সকলে বিয়লি পৰ্যন্ত  জাতিয় সাজ পোচাকেৰে সজ্জিত হৈ বিহু হুঁচৰি মাৰি ,টকা বিহু মাৰি  ,থলুৱা  পিঠা পনাৰে অতিথিক আপ্যায়ন কৰি  জাতিয় উৎসৱ ৰঙালী বিহুক উষ্ম আদৰনি জনাই আৰু বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা অসমবাসীলৈ  বহাগ বিহুৰ শুভেচ্ছা জনায় ।

বাতৰি যুগুতালে অমৃত পৱন বৰাই ।

Leave A Reply

Your email address will not be published.