ঢকুৱাখনা মহকুমাৰ বৃহত্তৰ উত্তৰ ঢকুৱাখনা অঞ্চলৰ শৈক্ষিক ক্ষেত্ৰখনলৈ বিগত ৬ দশক ধৰি উৎকৃষ্ট মানৱ সম্পদ গঢ়াত অমূল্য বিদ্যায়তনিক সেৱা আগবঢ়াই অহা তিনিগৰাকী নমস্য শিক্ষাগুৰুক মঙ্গলবাৰে অবসৰী বিদায় সম্বৰ্ধনা জনোৱা হয়। ঢকুৱাখনা মহকুমাটোৰ শৈক্ষিক ক্ষেত্ৰখনৰ অন্যতম বাটকটীয়া উচ্চ শিক্ষানুষ্ঠান উত্তৰ ঢকুৱাখনা পঞ্চায়তৰ জামুগুৰি চাৰিআলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ তিনিগৰাকী শিক্ষাগুৰুক সমূহীয়া ভাবে বিদ্যালয় পৰিয়ালে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে। ১৯৬৭ চনতে প্ৰতিষ্ঠা হোৱা উচ্চ শিক্ষানুষ্ঠানখনৰ প্ৰধান শিক্ষক হিচাবে অৱসৰ গ্ৰহণ কৰা দেৱেন গগৈ , সহকাৰী প্ৰধান শিক্ষক হিচাবে অৱসৰ গ্ৰহণ কৰা ৰেখা মাই বৰা আৰু সহকাৰী শিক্ষক হিচাবে অৱসৰ গ্ৰহণ কৰা কুসুম কুমাৰ গগৈক অনুষ্ঠানিক ভাবে বিদ্যালয় পৰিয়ালে বিদায় সম্বৰ্ধনা জনাই দীৰ্ঘায়ু কামনা কৰে। শিক্ষানুষ্ঠানখনৰ সমূহ শিক্ষক শিক্ষাৰ্থী , অভিভাৱক , শিক্ষানুৰাগী ৰাইজ উপস্থিত থকা বিদ্যালয় প্ৰাংগণত আয়োজিত বিদায় সম্বৰ্ধনা সভাত সভাপতিত্ব কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি যাদৱ গগৈয়ে । বিদ্যালয়ৰ প্ৰধান শিক্ষক দেৱ বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত বৃহত্তৰ অঞ্চলটোৰ বিদ্যায়তনিক উৎকৰ্ষ সাধনৰ হেতু সুদীর্ঘ কাল আত্মনিয়োগ কৰি যোৱা তিনিগৰাকী শিক্ষাগুৰুৰ অমূল্য অৱদানৰ সশ্ৰদ্ধ স্মৰণ কৰি বক্তব্য আগবঢ়াই শিক্ষানুৰাগী ব্যক্তি ধৰণী সন্দিকৈ, গোপাল গগৈ যোগানন্দ দুৱৰী, আঞ্চলিক পঞ্চায়তৰ সদস্য গীতাঞ্জলি চেতিয়া আদিয়ে । ছাত্ৰী বীণা হিলৈদাৰীৰ সৃষ্টিমূলক নৃত্যই জীপাল কৰি তোলা সভাত বিদায়ী শিক্ষাগুৰু প্ৰধান শিক্ষক দেৱেন গগৈ , ৰেখামাই বৰা , কুসুম কুমাৰ গগৈক সঁফুৰা , গামোচা, চেলেং চাদৰ আদিৰে উষ্ণ সম্বৰ্ধনা জনাই অনাগত সময়তো বিদ্যালয়খনৰ পৰিয়ালৰ এগৰাকী সক্ৰিয় সদস্যৰ দৰে নিৰবিছিন্ন সেৱা আগবঢ়াই যোৱাৰ আশা ব্যক্ত কৰে । সভাত বিদায়ী শিক্ষাগুৰু সকলেও অভিজ্ঞতাপুষ্ট মন্তব্য আগবঢ়াই বিদ্যালয়খনৰ সমুজ্জ্বল ভৱিষ্যত কামনা কৰে আৰু শিক্ষাৰ্থী সকলকো একাগ্ৰতাৰে অধ্যয়নপুষ্ট হৈ বিদ্যালয়ৰ লগতে বৃহত্তৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাৰ আহ্বান জনায় । অৱসৰপ্ৰাপ্ত শিক্ষক সকলে বিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে অনাগত সময়ত একোগৰাকী উৎকৃষ্ট মানৱ সম্পদ হিচাপে নিজকে গঢ়ি তুলি ভৱিষ্যতে সমাজ আৰু দেশলৈ অতুলনীয় আৰু নিষ্ঠাবান সেৱা আগবঢ়োৱাত ব্ৰতী হোৱাৰ আহ্বান জনায়। বাতৰি যুগুতালে অমৃত পৱন বৰাই।
Trending
- ৰাজপথত সুৰক্ষিত যাতায়াত বাহাল ৰখাত সতৰ্ক পৰিবহণ বিভাগ
- লেংডন ফাউণ্ডেশ্যনৰ উদ্যোগত গুৱাহাটীত চ্যুকাফা দিবস উদযাপন
- প্ৰথমবাৰৰ বাবে গুৱাহাটীত খেলিব চীন-জাপানৰ শ্বাটলাৰে
- Young prodigy Avaneesh Kashyap clinches top spot in Guwahati Chess Classics 2024
- লোকসেৱা ভৱনত মন্ত্ৰী অশোক সিংহল আৰু মুখ্য সচিবৰ উপস্থিতিত ‘মিছন ফ্লাড ফ্ৰী গুৱাহাটীৰ গুৰুত্বপূৰ্ণ বৈঠক
- বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত এঘাৰ মাহত ৬০৮২ টা গৰু জব্দ , ৯৬ জন ভাৰতীয় আৰু ৩৫ জন বাংলাদেশী চোৰাং কাৰবাৰীক গ্ৰেপ্তাৰ বি এছ এফৰ
- এলজি ইলেকট্রনিকছ ইণ্ডিয়া আৰু কোৰিয়ান কালচাৰেল চেণ্টাৰ ইণ্ডিয়াৰ সৰ্বভাৰতীয় কে- পপ প্ৰতিযোগিতাৰ গ্ৰেণ্ড ফাইনেলে অনুষ্ঠিত
- গুৱাহাটীত প্ৰথম উত্তৰ-পূৱ পেৰা স্পৰ্টচ মীট উদ্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ
- বালিপাৰা ফাউণ্ডেশ্যনৰ দ্বাদশ পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ-গুৱাহাটীত উপস্থিত কংগো গণৰাজ্যৰ ৰাণী ডায়াম্বি কাবাটুছুইলা
- ৰেডিঅ’ক জনপ্ৰিয় কৰাৰ অনন্য প্ৰয়াস মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘ