ঢকুৱাখনা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগ- গৃহভূমি ঢকুৱাখনাত সাহিত্যিক হোমেন বৰগোহাঞিৰ জন্মদিন উদযাপন

0 304

ঢকুৱাখনাৰ স্বাভিমানৰ প্ৰতীক  চাৰিকঢ়িয়াৰ উদাৰ বক্ষত নিজকে বিলীন কৰি  প্ৰজ্ঞাৰ সাধনাৰে  জীৱন বন্দীত কৰা প্ৰথিতযশা সাহিত্যিক , চাৰিকঢ়িয়াৰ প্ৰেমিক প্ৰয়াত হোমেন বৰগোহাঞিৰ  ৯০ সংখ্যক জন্ম দিৱস মঙ্গলবাৰে  বৰ্ণাঢ্য কাৰ্যসূচীৰে গৃহভূমিত উদযাপন কৰা হয়। ঢকুৱাখনা লেখিকা সমাৰোহ সমিতি আৰু  ঢকুৱাখনা শাখা সাহিত্য সভাৰ যৌথ উদ্যোগত  অনুষ্ঠিত দিৱসৰ প্ৰাৰম্ভতে  প্ৰয়াত  কথা শিল্পী গৰাকীৰ প্ৰতিছব্বিত বন্তি প্ৰজ্বলন কৰে বৰ্ষীয়ান কথা সাহিত্যিক ,অবসৰী শিক্ষাবিদ শিৱ প্ৰসাদ গগৈয়ে। ইয়াৰ পাছতে  অনুষ্ঠিত মুকলি সভাত প্ৰয়াত পিতৃৰ সশ্ৰদ্ধ স্মৰনেৰে উৰুলি মংগল ধ্বনিৰ মাজত পুত্ৰ আনিন্দ্য বৰগোহাঞিয়ে কেক কাটি স্বৰ্গবাসী পিতৃৰ ৯০ সংখ্যক জন্মদিন উদযাপন কৰে।  শিক্ষাবিদ সেৱক চুতীয়াই মুকলি সভাৰ উদ্ধোধনী  বক্তব্য ৰাখি প্ৰয়াত প্ৰজ্ঞাধীমান  গৰাকী অসমৰ  বৌদ্ধিক আকাশৰ উজ্জ্বল নক্ষত্ৰ  আৰু ঢকুৱাখনাৰ স্বাভিমানৰ  সমুজ্জ্বল প্ৰতীক বুলি অভিহিত কৰে। বিদ্যা দত্তৰ সভাপতিত্বত  অনুষ্ঠিত জনাকীৰ্ণ মুকলি সভাৰ  মনোজ্ঞ আলোচনা চক্ৰ, কবিতা আবৃত্তি, সংগীত পৰিবেশন আৰু বহুকেইটা কাৰ্যসূচীৰে উদযাপন কৰা প্ৰয়াত সাহিত্যিকজনৰ ৯০ সংখ্যক জন্মদিনটোত তেখেতৰ সুযোগ্য পুত্ৰ আনিন্দ্য বৰগোহাঞি উপস্থিত থাকি প্ৰয়াত পিতৃৰ জন্মদিনটো উদযাপন কৰিবলৈ পাই নথৈ আনন্দিত হোৱা বুলি ব্যক্ত কৰে। তেখেতে  নিচেই শৈশৱতে পিতৃৰ সৈতে ঢকুৱাখনালৈ আহি কথা সাহিত্যিক গৰাকীৰ প্ৰিয় নদী চাৰিকড়ীয়াৰ সৈতে এক আত্মীয়তা গঢ়ি তোলা বুলি কৈ প্ৰয়াত পিতৃৰ অতুলনীয় সাহিত্য সৃষ্টি ৰাজিৰ মূল উপজীৱ্য এই চাৰিকঢ়িয়া নদী আৰু মহঘুলি চাপৰিৰ  বিনন্দীয়া পৰিবেশে আজীৱন কথা শিল্পী গৰাকীৰ কায়িক অৱস্থিতি ৰিঙিয়াই থাকিব বুলি মন্তব্য কৰে । ঢকুৱাখনাৰ সু সন্তান গৰাকীৰ প্ৰাণ প্ৰাচুৰ্য ক্ষেত্ৰৰ সতে  পুনৰ সম্পৰ্কিত হবলৈ পাই সুপুত্ৰ গৰাকীয়ে  নষ্টালজিক হৈ পৰা বুলি প্ৰকাশ কৰি যেতিয়ালৈকে চাৰিকঢ়িয়া নদী প্ৰৱাহিত হৈ থাকিব যেতিয়ালৈকে মহঘুলি চাপৰিৰ অস্তিত্ব বৰ্তি থাকিব তেতিয়ালৈকে প্ৰয়াত পিতৃৰ বিদেহ অস্তিত্ব জন্মভূমি ঢকুৱাখনাত মূৰ্তমান হৈ থাকিব বুলি কয় ।   প্ৰজ্ঞাৰ সাধক গৰাকীৰ এই জন্মদিনৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা আলোচনা চক্ৰত নৰ্থ বেংক কলেজৰ  সহযোগী অধ্যাপক ড৹ নৰেন দাস, মাছখোৱা কলেজৰ সহযোগী অধ্যাপক ড৹ বসন্ত মঙ্গল দত্ত আৰু মৰিঢল মহাবিদ্যালয়ৰ অধ্যাপক পূৰবী দুৱৰা আলোচক হিচাপে উপস্থিত থাকি প্ৰয়াত সাহিত্যিকজনৰ অপূৰ্ব কাব্য সাহিত্য , সাহিত্য সম্ভাৰৰ লগতে সৃষ্টিশীলতাৰ সন্দৰ্ভত গৱেষণামূলক  বক্তব্য দাঙি ধৰে ।  প্ৰয়াত বৰগোহাঞিৰ আত্মীয় , স্বজন , গুণমুগ্ধ আৰু গৰিষ্ঠ সংখ্যক লেখিকা সমাৰোহ সমিতিৰ কৰ্মকর্তা উপস্থিত থকা মুকলি সভা লেখিকা সমাৰোহ সমিতি  আৰু নৰ্মাল স্কুলৰ প্ৰক্ষিক্ষাৰ্থী  সকলৰ এটা শ্ৰুতিমধুৰ সমবেত সংগীতেৰে মঞ্চ মুকলি কৰা হয়। জন্ম জয়ন্তীৰ সভাতেই  অপৰাজিতা বৰগোঁহাই আৰু এনিশা বৰগোহাইৰ দ্বৈত কণ্ঠেৰে  নিগৰিত প্ৰয়াত কথা শিল্পী গৰাকীৰ “হৈমন্তি” কবিতাৰ বাঙ্ময় আবৃত্তি আৰু সুকণ্ঠী গায়িকা ৰাজলক্ষ্মী চমুৱা পাচনীৰ জ্যোতি সংগীতে জন্ম দিৱসটি জীপাল কৰি তোলে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.