ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়-ব’হাগী ৰং অনুষ্ঠানেৰে জীপাল  শিক্ষানুষ্ঠান প্ৰাঙ্গন

0 263

গুণগত বিদ্যায়তনিক শিক্ষা প্ৰদান আৰু শিক্ষক প্ৰশিক্ষণৰ ক্ষেত্ৰত একক আৰু সুকীয়া  সুনাম বিশিষ্ট  ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত শনিবাৰে  অনুষ্ঠিত কৰা হয় দিনজোৰা এক বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ এই উচ্চ শিক্ষানুষ্ঠান  ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় পৰিয়ালৰ উদ্যোগত শনিবাৰে  অনুষ্ঠিত কৰা হয় বহাগী ৰং অনুষ্ঠান। মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ প্ৰদীপ চন্দ্ৰ বৰা আৰু সমূহ প্ৰশিক্ষক কৰ্মচাৰী,প্ৰশিক্ষাৰ্থীৰ যৌথ প্ৰচেষ্টাত শনিবাৰে  অসমীয়া জাতীয় কৃষ্টি- সংস্কৃতিৰ স্বৰ্ণ ৰেখা স্বৰূপ বহাগ বিহুৰ স্বকীয়তা অনুৰণিত কৰাৰ উদ্দেশ্যেৰে মহাবিদ্যালয়ৰ প্ৰাংগনত আয়োজন কৰা হয় এই “বহাগী ৰং” নামেৰে এক বৰ্ণিল অনুষ্ঠান । পুৱা  শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ সমূহ প্ৰশিক্ষক প্ৰশিক্ষাৰ্থী জাতীয় সাজ সজ্জাৰে সমুজ্জ্বল হৈ সমবেত হোৱা মহাবিদ্যালয় প্ৰাংগণত  আয়োজিত মনোজ্ঞ আৰু দৃষ্টিনন্দন সাংস্কৃতিক  কাৰ্যসূচী “বহাগী ৰং” অনুষ্ঠানটো শুভাৰম্ভ কৰে  পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা দুলু শইকীয়াই। অসমীয়া জাতিৰ স্বকীয় কৃষ্টি সংস্কৃতি,পৰম্পৰাৰ পৰিৱৰ্তন আৰু বিৱৰ্তনৰ  সন্দৰ্ভত বিশ্লেষণাত্মক বক্তব্য আগবঢ়াই দুলু শইকীয়াই পৰিৱৰ্তন  আৰু পশ্চিমীয়া সংস্কৃতিৰ কৰাল গ্ৰাসৰ পৰা আমাৰ জাতীয় কৃষ্টি সংস্কৃতিক নিলগাই ৰাখিব নোৱাৰিলে অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষিত নহয় বুলি কৈ সমাজ সভ্যতাৰ অতন্দ্ৰ প্ৰহৰী স্বৰূপ শিক্ষক প্ৰশিক্ষাৰ্থী সকলৰ এই ক্ষেত্ৰত কৰণীয়তা অধিক বুলি মন্তব্য কৰি বিদ্যায়তনিক ব্যস্ততাৰ মাজতে জাতীয় লোকবাদ্য , লোক সংগীত চৰ্চা অব্যাহত ৰখাৰ বাবেও প্ৰশিক্ষাৰ্থী  সকলৰ প্ৰতি শইকীয়াই আহ্বান জনায় । মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ প্ৰদীপ চন্দ্ৰ বৰাই উদ্ধোধন কৰা পৰম্পৰাগত  লোক কৃষ্টি সংস্কৃতিৰ কার্যক্রমণিকাৰ পাছতে সম্পূৰ্ণ জাতীয় সাজপাৰ পৰিধান কৰি মহাবিদ্যালয়ৰ প্ৰাংগনত মহাবিদ্যালয়খনৰ প্ৰশিক্ষক সকলৰ উপস্থিতিত মহাবিদ্যালয়ৰ চৌহদত কপৌফুলৰ  ৰোপণ আৰু প্ৰশিক্ষাৰ্থী সকলৰ মাজত পৰম্পৰাগত থলুৱা খাদ্য সম্ভাৰৰ প্ৰদৰ্শন কাৰ্যসূচী ৰূপায়ণ কৰা হয়  । ইয়াৰ পাছতে মহাবিদ্যালয়ৰ অধ্যক্ষ ,প্ৰশিক্ষক, কৰ্মচাৰী, প্ৰশিক্ষাৰ্থী সকলো একত্ৰিত হৈ অনুষ্ঠিত কৰে মুকলি বিহু ৷ মহাবিদ্যালয়ৰ প্ৰশিক্ষাৰ্থী সকলৰ লগতে প্ৰাক্তন প্ৰশিক্ষাৰ্থী ,শিক্ষানুৰাগী ৰাইজেও স্বতঃস্ফূৰ্ত ভাবে  অংশগ্ৰহণ কৰি অনুষ্ঠানটো অধিক সফল, সর্বাংগ সুন্দৰ আৰু জীপাল কৰি তোলে। 

বাতৰি যুগুতালে অমৃত পৱন বৰাই

Leave A Reply

Your email address will not be published.