তিনিটা ভিন্ন খবৰ

0 274

WhatsApp Image 2018-02-16 at 3.59.10 PM

মহিলা সবলীকৰণৰ উদ্দেশ্য আগত ৰাখি উদ্যমী মহিলা সকলক ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি কৰাৰ বাবে ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানে আগবঢ়াইছে বিশেষ ব্যৱসায়ৰ পাঠ্যক্ৰম। NSRCEL বাংগালোৰৰ সহযোগত মহিলা উদ্যমীসকলে এই সুবিধা গ্ৰহণ কৰিব পাৰিব বুলি জানিব পৰা গৈছে। ইতিমধ্যে অনলাইনত ৰেজিষ্টেচন প্ৰক্ৰিয়া আৰম্ভ হৈছে। যিকোনো বিষয়ৰ উদ্ভাৱনৰ লগত জৰিত ধাৰণাবোৰৰ পৰা একোগৰাকী উদ্যমীক নিৰ্বাচন কৰি প্ৰশিক্ষণ প্ৰদান কৰিব। জানিব পৰা মতে একো গৰাকী উদ্যমীয়ে সৰ্বোচ্চ ১২ টা বিষয়ৰ ওপৰত ধাৰণা ব্যক্ত কৰিব পাৰিব।

WhatsApp Image 2018-02-16 at 3.59.44 PM

আনহাতে প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ্থী সকললৈ সুখবৰ কঢ়িয়াইছে North east institute of advanced studies য়ে। আজি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা এক সংবাদমেলত নৰ্থ ইষ্ট আই এ এচৰ প্ৰতিষ্ঠাপক কেশৱ চৰণ দাসে কয় অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ যুৱক-যুৱতী সকলৰ সুবিধাৰ বাবে বিনামূলীয়া পাঠ্যক্ৰমৰ ব্যৱস্থা শিক্ষানুষ্ঠানটোৱে কৰিছে। ইচ্ছুক সকলে ১৭ ফেব্ৰুৱাৰীৰ পৰা পাঠ্যক্ৰম গ্ৰহণ কৰিবৰ বাবে আবেদন কৰিব পাৰিব বুলি সংবাদ মেল যোগে সদৰী কৰে।

WhatsApp Image 2018-02-16 at 7.27.38 PM

পৰম্পৰাগত দক্ষতাক ন ৰূপত সজাই জনজাতীয় কলাকাৰ সকলে যি মঞ্চত উপনীত হৈছে, সেয়া হৈছে আদি মহোৎসৱ। এই মহোৎসৱে কেৱল ব্যৱসায়ক প্ৰতিনিধিত্ব নকৰে, প্ৰতিনিধিত্ব কৰে দেশবাসীৰ একতাক আৰু অখণ্ডতাক। এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। আজি গণেশ মন্দিৰ ষ্টেডিয়ামত আনুষ্ঠিত হোৱা আদি মহোৎসৱৰ দ্বাৰ মুকলি কৰি এই মন্তব্য কৰে। উল্লেখযোগ্য যে ট্ৰাইফেডে আয়োজন কৰা আদি মহোৎসৱত ২০ খন ৰাজ্যৰ পৰা অহা জনজাতীয় কলাকাৰে অংশ গ্ৰহণ কৰিছে।পোচাক, ঘৰ সজোৱা সামগ্ৰী অথবা খাদ্য সম্ভাৰে এই মহোৎসৱত প্ৰাধান্য লাভ কৰিছে। জানিব পৰা মতে ২৫ ফেব্ৰুৱাৰীলৈ আদি মহোৎসৱ অনুষ্ঠিত  হ’ব। উদ্বোধনী অনুষ্ঠানত বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.