তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব আকৌ নতুন প্ৰভাত হ’ব শীৰ্ষ অনুষ্ঠান

0 234

অহা ১৫,১৬ আৰু ১৭ ডিচেম্বৰ ‘২১ বুধ, বৃহস্পতি আৰু শুক্ৰবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত শ্ৰী মন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ, শ্ৰী মন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত তিনিদিনীয়াকৈ “আকৌ নতুন প্ৰভাত হ’ব” শিৰোনামেৰে ” ৰাজ্যিক পৰ্যায়ৰ প্ৰশিক্ষণ শিবিৰ” অনুষ্ঠিত হ’ব। নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাংগঠনিক বিভাগৰ অধীনত প্ৰশিক্ষণ বিভাগৰ তত্বাৱধানত হ’বলগীয়া এই প্ৰশিক্ষণ কাৰ্য্যসূচীত দলৰ সকলো সাংসদ, প্ৰাক্তন সাংসদ, বিধায়ক তথা প্ৰাক্তন বিধায়ক সকল, বিগত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা দলীয় প্ৰাৰ্থী সকল, এআইচিচি ৰ সদস্য-সদস্যা সকল, প্ৰদেশ কংগ্ৰেছৰ সদস্য-সদস্যা, জিলা আৰু ব্লক কংগ্ৰেছৰ সভাপতি সকল, ৰাজ্যিক ভাতৃ-ভগ্নী সংগঠন, কোষ আৰু বিভাগৰ মুৰব্বী তথা প্ৰতিনিধি, জিলা পৰিষদৰ সভাপতি তথা উপ-সভাপতি, স্বায়ত্ব শাসিত পৰিষদৰ বৰ্তমান তথা প্ৰাক্তন প্ৰতিনিধি সকলে অংশগ্ৰহণ কৰিব।
অহা ১৫ ডিচেম্বৰৰ ৰাতিপুৱা ৯-৩০ বজাত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই দলৰ পতাকা উত্তোলন কৰিব। দিনৰ ১১-০০ বজাৰ পৰা আয়োজিত উদ্ধোধনী অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক শ্ৰীযুত জীতেন্দ্ৰ সিং ডাঙৰীয়াই মুখ্য অতিথি হিচাপে প্ৰশিক্ষণ কাৰ্য্যসূচীৰ শুভ উদ্বোধন কৰিব। দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পিছত অনুষ্ঠিত হবলগীয়া প্ৰথম দিনাৰ প্ৰশিক্ষণ কাৰ্য্যসূচীত শ্ৰী যুত ডি পি ৰায়, শচীন ৰাও আৰু সুমন লস্কৰে অংশ গ্ৰহণ কৰিব। ইয়াৰোপৰি সভাপতি ডাঙৰীয়াৰ লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন সভাপতি পবন সিং ঘাটোৱাৰ, উপ-দলপতি ৰকিবুল হুছেইন ডাঙৰীয়া, সকলো সাংসদ আৰু তিনিগৰাকী কাৰ্য্যকৰী সভাপতি ক্ৰমে,ৰাণা গোস্বামী, কমলাক্ষ দে পুৰকায়স্থ, জাকিৰ হুছেইন শিকদাৰ উপস্থিত থাকিব।
১৬ ডিচেম্বৰ দ্বিতীয় দিনাৰ প্ৰশিক্ষণত প্ৰাক্তন কেন্দ্ৰীয় গৃহ আৰু বিত্তমন্ত্ৰী পি,চিদাম্বৰমৰ উপৰিও সকলো সাংসদ, অধিবক্তা শান্তনু বৰঠাকুৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব।

Leave A Reply

Your email address will not be published.