তেজপুৰৰ জি আই এম টিত আলোচনা চক্ৰ সম্পন্ন

0 242

তেজপুৰস্থিত শিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকনলজীৰ সামাজিক উন্নয়ন গোট ‘সহযোগ’ৰ উদ্যোগত ১০ ছেপ্টেম্বৰত এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়।প্ৰতিষ্ঠানখনৰ চেমিনাৰ হলত অনুষ্ঠিত আলোচনা চক্ৰ খনৰ মূল বিষয় আছিল Ideal youth, Personality, Values in life. তেজপুৰ ব্ৰহ্মকুমাৰীৰ সহযোগত আয়োজন কৰা আলোচনা চক্ৰ খনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে প্ৰজাপতি ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ মুখ্য কাৰ্য্যালয়ৰ পৰা অহা ৰাজযোগী বি কে হেমন্ত। বি কে হেমন্তই বৰ্তমান সময়ত যুৱসমাজৰ মাজত বাঢ়ি অহা নেতিবাচক ভাৱধাৰা, অৱসাদ , দু:চিন্তা, ইত্যাদিৰ মুক্তি লাভ কৰাৰ উপায় সম্পৰ্কত বক্তব্য আগবঢ়ায়। ব্যক্তিৰ ব্যক্তিত্বৰ উন্নীতকৰণত আধ্যাত্মিক শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কতো বক্তব্য প্ৰদান কৰে। ইয়াৰ উপৰিও তেখেতে ব্যক্তি বিশেষৰ মনোযোগিতা, ইচ্ছা শক্তি, স্মৃতি শক্তি, মানসিক শক্তি বৃদ্ধি সম্পৰ্কত বিভিন্ন উপায়ৰ সম্পৰ্কে বাখ্যা আগবঢ়ায়। তাৎপৰ্যপূৰ্ণ যে এক সুন্দৰ অাৰু মনোগ্ৰাহী অনুষ্ঠানৰ সাক্ষী হ’বলৈ পায় প্ৰতিষ্ঠানখনৰ শিক্ষাৰ্থী আৰু শিক্ষক সমাজ। পৰৱৰ্তী সময়তো জি আই এম টি তেজপুৰে এনেধৰণৰ আলোচনা চক্ৰ অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.