তেজপুৰৰ শিশু বিজ্ঞানীক নাছাৰ স্বীকৃতি

0 406

শনিৰ উপগ্ৰহত জীৱৰ সন্ধান শীৰ্ষক লেখাৰে ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে তেজপুৰৰ এজন শিশু বিজ্ঞানী।তেজপুৰ গুৰুকুল বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ সম্পূৰ্ণম সৰকাৰে এই স্বীকৃতি ভাগীদাৰ হৈছে।জানিব পৰা মতে সম্পূৰ্ণম সৰকাৰে ভাৰতস্থিত স্বেচ্ছাসেৱী সংগঠন স্পেচপ’ৰ্ট ইণ্ডিয়াৰ জৰিয়তে আয়োজন কৰা এক প্ৰতিযোগিতাত অংশলৈ ছাইণ্টিছ ফৰ এ ডে উইনাৰ খিতাপ অৰ্জন কৰে ।উল্লেখযোগ্য যে সম্পূৰ্ণমে নিজ গৃহত ড্ৰোন প্ৰস্তুত কৰি আকাশত উৰিবলৈ সাজু কৰিছিল লগতে বিজ্ঞান ভিত্তিক আলোচনা তথা গৱেষণাৰ বিষয়ে ৰচনা কৰা এনচিলেদাছ শীৰ্ষক গৱেষণাধৰ্মী ৰচনাত শনি গ্ৰহ আটাইতকৈ উজ্বল আৰু বৰফাবৃত উপগ্ৰহ এন্সেলাডত ভবিষ্যত সম্পৰ্কে মন্তব্য কৰিছিল ।স্মতব্য যে এনেধৰণৰ কেতবোৰ চিন্তা আৰু গৱেষণাই নাছাৰ বিজ্ঞানী মহলত চিন্তাৰ খোৰাক যোগাইছে আৰু সম্পূৰ্ণমক প্ৰশংসা কৰিছে ।সহযোগ কৰিলে তেজপুৰৰ পৰা ধ্ৰুব জ্যোতি নাথে.. 

Leave A Reply

Your email address will not be published.