ঐতিহাসিক অসম আন্দোলনত ওতঃপ্ৰোতভাৱে জড়িত এজন ব্যক্তি।বৰ্তমান কৃষি কৰ্মৰে প্ৰতিষ্ঠিত তেজপুৰৰ এই বিশেষ ব্যক্তিজনৰ নাম কাবুল শৰ্মা।প্ৰথম অৱস্থাত এগৰাকী ঠিকাদাৰ হিচাপে জীৱন জীৱিকা আৰম্ভ কৰিছিল যদিও ৰাজনৈতিক হস্তক্ষেপৰ বলি হোৱাৰ বাবেই তেওঁ সেই বৃত্তি বাদ দিয়ে।কৃষক পিতৃৰ পদাংক অনুকৰণ কৰি তেখেতে যোৱা বিশ বছৰ ধৰি বৃহৎ পৰিমাণৰ ভূমিত ধান খেতিৰ লগতে ৰবি শস্য আৰু গৰু ম’হ পালন কৰি আদৰ্শ কৃষকলৈ পৰিগণিত হৈছে।ব্ৰহ্মপুত্ৰৰ চৰ চাপৰি অঞ্চলত বহু খিলঞ্জীয়া যুৱকক কৃষি কৰ্মত জড়িত কৰোৱা কৃষক কাবুল শৰ্মাই শেহতীয়াকৈ চাৰি লাখ টকা ব্যয়েৰে এখন যন্ত্রচালিত নাও নিৰ্মাণ কৰি উলিয়াইছে।উল্লেখযোগ্য যে চেগুন কাঠেৰে নিৰ্মিত ৫২ ফুট দৈর্ঘ্যৰ এই আকৰ্ষণীয় নাওখনৰ নাম হৈছে বাণৰজা।জানিব পৰা মতে কৃষি কৰ্মৰ লগত জড়িত লোকসকলক উপকৃত কৰিব পৰাকৈ আৰু পৰ্যটকৰ সুবিধাৰ্থে এই বিশেষ নাওখন নিৰ্মাণ কৰা হৈছে।যোৱা ৫ জানুৱাৰীত তেজপুৰৰ নিকটৱৰ্তী বাম পর্ব্বতীয়াৰ লুইত পাৰৰ বুঢ়া লুইতৰ পানী যুঁৱলিৰ ৰূদ্ৰ পদত এক মাঙ্গলিক পৰিৱেশত ‘বাণৰজা’ৰ শুভ উদ্বোধন কৰে তেজপুৰ সাহিত্য সভাৰ উপদেষ্টা তথা অধ্যাপক হেমন্ত কুমাৰ বৰুৱাই।উল্লেখ্য যে এই অনুষ্ঠানতে স্থানীয় ৰাইজ আৰু কৃষিজীৱি,পশুপালকৰ উপস্থিতিত আদৰ্শ খেতিয়ক তথা অসম আন্দোলনৰ অক্লান্ত যোদ্ধা কাবুল শৰ্মাক ‘কৰ্মপ্ৰাণ’ উপাধিৰে বিভূষিত কৰে।তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটোৰ ভাষণ প্ৰসঙ্গত অধ্যাপক হেমন্ত বৰুৱাই কয় উঠি অহা প্ৰজন্মৰ বাবে দৃষ্টান্ত হৈছে কাবুল শৰ্মাৰ কৰ্ম আঁচনি।চৰকাৰী সা সুবিধা গ্ৰহণ নকৰাকৈ কৃষি কৰ্মৰে অৰ্থনৈতিক স্বাৱলম্বীতাৰ পথ প্ৰশস্ত কৰা কাবুল শৰ্মাক সেয়ে কৰ্মপ্ৰাণ উপাধিৰে বিভূষিত কৰা হৈছে।আজিৰ দিনত তেওঁৰ আদৰ্শ নিবনুৱা যুৱক যুৱতীসকলৰ অনুকৰণীয় হৈ পৰিছে।অনুষ্ঠানত নিজৰ অনুভৱ ব্যক্ত কৰি আদৰ্শ কৃষক কাবুল শৰ্মাই এনেদৰে কয় ১৯৭৯ চনত অসম আন্দোলনৰ মূল শ্ল’গানেই আছিল আৰ্থিক স্বাৱলম্বীতাৰ পথ প্ৰশস্ত কৰা।বৰ্তমান সময়ত নিজৰ ভূমিৰ সঠিক ব্যৱহাৰ কৰি কৃষি কৰ্মৰে আগবাঢ়ি গ’লেহে জাতিৰ সৰ্বাঙ্গীন বিকাশ হ’ব।কৃষি কৰ্মৰে নিজৰ ভূমি পূৰ্ণ কৰি ৰাখিলে কেতিয়াও বেদখলকাৰী বা বিদেশীৰ আগ্ৰাসন নহ’ব। চৰকাৰে কৃষি বিভাগৰ জৰিয়তে অনাদৃত হৈ পৰি থকা চৰকাৰী ভূমি সমূহত আমাৰ থলুৱা যুৱক সকলক কৃষি কর্মৰ ব্যৱস্থা গ্ৰহণ কৰি দিয়া উচিত বুলি মন্তব্য কৰে কৃষক গৰাকীয়ে।
Trending
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন
- ডং বান্ধ সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলৰ গুৰুত্বপূর্ণ সভা-ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত মন্ত্ৰী অশোক সিংহলৰ আকস্মিক পৰিদৰ্শন
- গুৱাহাটীত সপ্তাহজোৰা অসামৰিক প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- কাঁহিকুছিস্থিত গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানত আয়োজিত পঞ্চায়তৰ সভাপতি সকলৰ প্ৰশিক্ষণ কাৰ্যসূচী মুকলি কৰিলে ৰাজ্য চৰকাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
- এইচ ডি এফ চি বেংক ‘পৰিৱৰ্তনে দক্ষতা বিকাশ আৰু জীৱিকা প্ৰসাৰ কাৰ্যসূচীৰ অধীনত ৭.২ লাখৰো অধিক যুৱক-যুৱতীক প্ৰশিক্ষণ প্রদান
- ৰাণী সাহিত্য সভাৰ দিনযোৰা কাৰ্যসূচীৰে দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত সাপ্তাহিক কবচৰ ২৯ তম্ বৰ্ষপূৰ্তি উদযাপন
- ধাৰাপুৰত ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা আৰম্ভ
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati