ঐতিহাসিক অসম আন্দোলনত ওতঃপ্ৰোতভাৱে জড়িত এজন ব্যক্তি।বৰ্তমান কৃষি কৰ্মৰে প্ৰতিষ্ঠিত তেজপুৰৰ এই বিশেষ ব্যক্তিজনৰ নাম কাবুল শৰ্মা।প্ৰথম অৱস্থাত এগৰাকী ঠিকাদাৰ হিচাপে জীৱন জীৱিকা আৰম্ভ কৰিছিল যদিও ৰাজনৈতিক হস্তক্ষেপৰ বলি হোৱাৰ বাবেই তেওঁ সেই বৃত্তি বাদ দিয়ে।কৃষক পিতৃৰ পদাংক অনুকৰণ কৰি তেখেতে যোৱা বিশ বছৰ ধৰি বৃহৎ পৰিমাণৰ ভূমিত ধান খেতিৰ লগতে ৰবি শস্য আৰু গৰু ম’হ পালন কৰি আদৰ্শ কৃষকলৈ পৰিগণিত হৈছে।ব্ৰহ্মপুত্ৰৰ চৰ চাপৰি অঞ্চলত বহু খিলঞ্জীয়া যুৱকক কৃষি কৰ্মত জড়িত কৰোৱা কৃষক কাবুল শৰ্মাই শেহতীয়াকৈ চাৰি লাখ টকা ব্যয়েৰে এখন যন্ত্রচালিত নাও নিৰ্মাণ কৰি উলিয়াইছে।উল্লেখযোগ্য যে চেগুন কাঠেৰে নিৰ্মিত ৫২ ফুট দৈর্ঘ্যৰ এই আকৰ্ষণীয় নাওখনৰ নাম হৈছে বাণৰজা।জানিব পৰা মতে কৃষি কৰ্মৰ লগত জড়িত লোকসকলক উপকৃত কৰিব পৰাকৈ আৰু পৰ্যটকৰ সুবিধাৰ্থে এই বিশেষ নাওখন নিৰ্মাণ কৰা হৈছে।যোৱা ৫ জানুৱাৰীত তেজপুৰৰ নিকটৱৰ্তী বাম পর্ব্বতীয়াৰ লুইত পাৰৰ বুঢ়া লুইতৰ পানী যুঁৱলিৰ ৰূদ্ৰ পদত এক মাঙ্গলিক পৰিৱেশত ‘বাণৰজা’ৰ শুভ উদ্বোধন কৰে তেজপুৰ সাহিত্য সভাৰ উপদেষ্টা তথা অধ্যাপক হেমন্ত কুমাৰ বৰুৱাই।উল্লেখ্য যে এই অনুষ্ঠানতে স্থানীয় ৰাইজ আৰু কৃষিজীৱি,পশুপালকৰ উপস্থিতিত আদৰ্শ খেতিয়ক তথা অসম আন্দোলনৰ অক্লান্ত যোদ্ধা কাবুল শৰ্মাক ‘কৰ্মপ্ৰাণ’ উপাধিৰে বিভূষিত কৰে।তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটোৰ ভাষণ প্ৰসঙ্গত অধ্যাপক হেমন্ত বৰুৱাই কয় উঠি অহা প্ৰজন্মৰ বাবে দৃষ্টান্ত হৈছে কাবুল শৰ্মাৰ কৰ্ম আঁচনি।চৰকাৰী সা সুবিধা গ্ৰহণ নকৰাকৈ কৃষি কৰ্মৰে অৰ্থনৈতিক স্বাৱলম্বীতাৰ পথ প্ৰশস্ত কৰা কাবুল শৰ্মাক সেয়ে কৰ্মপ্ৰাণ উপাধিৰে বিভূষিত কৰা হৈছে।আজিৰ দিনত তেওঁৰ আদৰ্শ নিবনুৱা যুৱক যুৱতীসকলৰ অনুকৰণীয় হৈ পৰিছে।অনুষ্ঠানত নিজৰ অনুভৱ ব্যক্ত কৰি আদৰ্শ কৃষক কাবুল শৰ্মাই এনেদৰে কয় ১৯৭৯ চনত অসম আন্দোলনৰ মূল শ্ল’গানেই আছিল আৰ্থিক স্বাৱলম্বীতাৰ পথ প্ৰশস্ত কৰা।বৰ্তমান সময়ত নিজৰ ভূমিৰ সঠিক ব্যৱহাৰ কৰি কৃষি কৰ্মৰে আগবাঢ়ি গ’লেহে জাতিৰ সৰ্বাঙ্গীন বিকাশ হ’ব।কৃষি কৰ্মৰে নিজৰ ভূমি পূৰ্ণ কৰি ৰাখিলে কেতিয়াও বেদখলকাৰী বা বিদেশীৰ আগ্ৰাসন নহ’ব। চৰকাৰে কৃষি বিভাগৰ জৰিয়তে অনাদৃত হৈ পৰি থকা চৰকাৰী ভূমি সমূহত আমাৰ থলুৱা যুৱক সকলক কৃষি কর্মৰ ব্যৱস্থা গ্ৰহণ কৰি দিয়া উচিত বুলি মন্তব্য কৰে কৃষক গৰাকীয়ে।
Trending
- নগাঁৱৰ তেঁতেলিসৰাত জিৰণিৰ উদ্যোগত ভূমিকম্পৰ সজাগতা সভা
- মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতা – আজাৰাত মেট্ৰিক পৰীক্ষাৰ্থীক বিনামূলীয়াকৈ টেষ্ট পেপাৰ প্ৰদান
- উদ্যান শস্য গৱেষণা কেন্দ্ৰত শুকান ভূমিত কৃষি বিষয়ক তিনিদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালা আৰম্ভ
- ৰাজীৱ ভৱনত শিল্পী দিৱস পালন, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ
- ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱসৰ দিনা বেংগালুৰু আৰু গুৱাহাটীত এইচ ডি এফ চি বেংকৰ ষ্টাৰ্টআপ লাউঞ্জ মুকলি
- Nefocus initiative-Seismic Safety Conclave
- 12th Inter-District Roller Skating Championship by APRINS in Guwahati from Jan 10 with the Theme From Turf to Table
- এইচ ডি এফ চি বেংক স্মাৰ্টগেটৱে পেমেণ্ট প্লেটফৰ্মে চিবিডিচি (ডিজিটেল টকা) একত্ৰিত কৰে
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ঘোষণা ; মাঘ বিহুৰ উৰুকাৰ সময়লৈ শীত প্ৰৱাহ অব্যাহত থকাৰ সম্ভাবনা
- বিভিন্ন ৰাষ্ট্ৰীয়–আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘শিপা-ঝাৰ’ তথ্যচিত্ৰৰ উজ্জ্বল সফলতা