দক্ষতা আৰু উদ্যমিতা বিকাশ সন্দৰ্ভত ৰঙিয়াৰ মহকুমাধিপতিৰ কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক

0 186

ৰঙিয়া মহকুমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বৃত্তিগত দক্ষতা আৰু উদ্যমিতাৰ উৎকৰ্ষ সাধনৰ বাবে মহকুমা প্ৰশাসনৰ উদ্যোগত অচিৰেই অনলাইন প্ৰশিক্ষণ কাৰ্যসূচী হাতত লোৱা হব। দেশৰ লগতে বিদেশৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদবীত দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰি থকা বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞ ব্যক্তিয়ে এই প্ৰশিক্ষণত সমল ব্যক্তিৰূপে সেৱা আগবঢ়াব। ৰঙিয়া মহকুমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ দক্ষতা আৰু উদ্যমিত বিকাশৰ কৌশল উদ্ভাৱনৰ এক প্ৰয়াস হিচাপে মহকুমাধিপতি জাবিৰ ৰাহুল সুৰেশৰ বিশেষ উদ্যোগত আজি মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। সহকাৰী আয়ুক্ত চম্পক ডেকাৰ সঞ্চালনাত অনুষ্ঠিত এই বৈঠকত মহকুমাটোৰ অন্তৰ্গত উচ্চ শিক্ষানুষ্ঠানসমূহৰ অধ্যক্ষ, শিক্ষক, ছাত্ৰ একতা সভাসমূহৰ প্ৰতিনিধিসকলৰ লগতে জিলা দক্ষতা বিকাশ কেন্দ্ৰৰ সমন্বয়ক সকলে অংশগ্ৰহণ কৰে। বৈঠকত শিক্ষাৰ্থীসকলৰ বৃত্তিগত দিশৰ উৎকৰ্ষ সাধনৰ বাবে প্ৰয়োজনীয় বিষয়সমূহৰ ওপৰত খৰচি মাৰি আলোচনা কৰা হয়। মহকুমাটোৰ মহাবিদ্যালয় তথা উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত বৰ্তমান বিভিন্ন বিষয় যেনে নৃত্য, যোগচৰ্চা, কম্পিউটাৰ বিজ্ঞান, খাদ্য প্ৰসংস্কৰণ, উদ্যমিতা বিকাশ, অফিচ চেক্ৰেটাৰী, মেডিকেল লেবৰেটৰী, গাৰ্মেণ্ট ডিজাইন, চফ্ট স্কীল ডেভলপমেণ্ট আদি বিভিন্ন বিষয়ৰ পাঠ্যক্ৰম আগবঢ়াই থকা হৈছে যদিও উন্নত প্ৰযুক্তি আৰু পৰিৱৰ্তিত সময়ৰ চাহিদাৰ সৈতে সংগতি ৰাখি এই পাঠ্যক্ৰমসমূহৰ বিকাশ সাধন কৰা তথা অন্যান্য গুৰুত্বপূৰ্ণ পাঠ্যক্ৰম প্ৰৱৰ্তনৰ ওপৰত সকলোৱে গুৰুত্ব আৰোপ কৰে। বৈঠকত অংশগ্ৰহণ কৰা শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে নিজ নিজ শিক্ষানুষ্ঠানৰ সীমাবদ্ধতা আৰু প্ৰয়োজনীতাসমূহ উল্লেখ কৰে। শিক্ষানুষ্ঠানসমূহত নিয়মীয়াকৈ দক্ষতা বিকাশৰ সজাগতা কাৰ্যসূচী, প্ৰশিক্ষণ, কৰ্মশালা তথা নিযুক্তি শিবিৰ আয়োজনৰ প্ৰয়োজনীয়তাৰ কথা সকলোৱে বিশেষভাৱে উল্লেখ কৰে। পাৰস্পৰিক সহযোগিতাৰে এই দিশসমূহ আগুৱাই নিয়াত সহায়ক হোৱাকৈ মহকুমা প্ৰশাসন, জিলা দক্ষতা বিকাশ কেন্দ্ৰৰ বিষয়ববীয়াসকল আৰু উচ্চ শিক্ষানুষ্ঠানসমূহৰ প্ৰতিনিধিৰ অন্তৰ্ভুক্তিৰে এটা গোট গঠনৰো সিদ্ধান্ত বৈঠকত গ্ৰহণ কৰা হয়। বৈঠকত সহকাৰী আয়ুক্তদ্বয় চম্পক ডেকা আৰু অম্লান বৈশ্যই ছাত্ৰ-ছাত্ৰীসকলৰ দক্ষতা বিকাশৰ বাবে প্ৰয়োজনীয় দিশসমূহ সম্পৰ্কত নিজৰ অভিজ্ঞতালব্ধ মতামত ব্যক্ত কৰে। তেওঁলোকে লগতে অসম অসামৰিক সেৱাৰ পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী হাতত লোৱাৰ বিষয়েও চিন্তা-চৰ্চা কৰাৰ কথা ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে। ৰঙিয়া মহাবিদ্যালয়, পুঠিমাৰী মহাবিদ্যালয়, পূব কামৰূপ মহাবিদ্যালয়, মানবেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়, ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰঙিয়া বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় আদিৰ অধ্যক্ষ, শিক্ষক আৰু ছাত্ৰ একতা সভাৰ প্ৰতিনিধিয়ে অংশ লোৱা আজিৰ এই বৈঠকত জনসংযোগ বিষয়া প্ৰশান্ত কুমাৰ বৰাৰ লগতে মহকুমা প্ৰশাসনৰ অন্যান্য বিষয়ববীয়াসকলো উপস্থিত আছিল।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই।

Leave A Reply

Your email address will not be published.