কামৰূপ মহানগৰ জিলা সাহিত্য সভা উদ্যোগত অহা ২০ এপ্ৰিলৰ বিয়লি ৩ বজাৰ পৰা অসম সাহিত্য সভাৰ সাধুকথাক জনপ্ৰিয় কৰাৰ অভিলাসী আঁচনিৰ অংশ হিচাপে অসম সাহিত্য সভাৰ সাধু শুনো অনুষ্ঠান আয়োজন কৰা হৈছে।পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানী কাৰিকৰী প্ৰতিষ্ঠান আৰু বৃহত্তৰ বামুনীমৈদাম শাখা সাহিত্য সভা সহযোগত গুৱাহাটীৰ বামুণীমৈদাম স্থিত পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানী কাৰিকৰী প্ৰতিষ্ঠান সভাকক্ষত অনুষ্ঠিত হ’ব লগা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসম সাহিত্য সভা সভাপতি ড° কুলধৰ শইকীয়া আৰু বিশিষ্ট অতিথি হিচাপে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা,লেখিকা-সাংবাদিক মাইনী মহন্ত,সাংবাদিক স্নিগ্ধাশিখা, কে চি বৰা,কামৰূপ মহানগৰ জিলা সাহিত্য সভা সভাপতি দাসো কলিতা উপস্থিত থাকিব।প্ৰতিষ্ঠানৰ অধ্যক্ষ ড° মধুমিতা কলিতাই আদৰণি ভাষণ দিব লগা উক্ত অনুষ্ঠানত অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰী সাক্ষী প্ৰিয়ম্বদা,নম্ৰতা ৰাভা,গুৰুকুল গ্ৰামাৰ ছিনিয়াৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰী নির্মিতা ভট্টাচাৰ্য আৰু পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানী কাৰিকৰী প্ৰতিষ্ঠানৰ ছাত্ৰী ৰিমি টায়ে,অংকিতা গগৈ আৰু তুলিকা মেৰিয়ে ভিন্ন নৃগোষ্ঠীয় সাধুকথা পৰিবেশন কৰিব।উক্ত অনুষ্ঠানত সকলোৰে সহায় সহযোগিতা তথা উপস্থিতি মহানগৰ জিলা সাহিত্য সভাৰ সম্পাদক দীপাংকৰ ৰায়মেধি,বৃহত্তৰ বামুণীমৈদাম শাখা সভাৰ সভাপতি হৰিচৰণ মালিয়ে কামনা কৰিছে।
Trending
- NSE Strengthens MSME Ecosystem in Jammu & Kashmir Through Strategic MoU
- এইচ ডি এফ চি বেংকে ৫ ডিচেম্বৰত ১৭ সংখ্যক বাৰ্ষিক ৰক্তদান অভিযান আয়োজন কৰিব
- APRINS Launches Skill Development Training Program on GI-Tagged Mizo Chilli Pickle and Banana Chips Making in Sesawng, Mizoram under LIC HFL SANGAM initiative
- এছ এছ বি আন্তঃসীমা বেডমিণ্টন ক্লাষ্টাৰ প্ৰতিযোগিতা – ২০২৫ আৰম্ভ
- National Level IP Yatra Programme to be Held in Shillong on 27th–28th November 2025
- প্ৰয়াত গীতিকাৰ লক্ষ্য বৰকটকীৰ সোঁৱৰণী ৰেডিঅ’ বিতৰণী অনুষ্ঠান সম্পন্ন
- পপ কালচাৰৰ আকৰ্ষণীয় উদযাপনেৰে গুৱাহাটী কমিক কনৰ উদ্ধোধনী অনুষ্ঠান অনুষ্ঠিত
- ওপজা দিনত মালিগাঁৱত অন্তৰংগ আলাপ আৰু গীতে – মাতে জুবিন গাৰ্গক সোঁৱৰণ
- নিচামুক্ত ভাৰত অভিযানৰ পঞ্চম বৰ্ষপূৰ্তি উদযাপন
- আপকুৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ২০২৫ উদযাপন